শিল্পী–কলাকুশলীক সাহায্য বিতৰণ কলাক্ষেত্র সমাজৰ
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ লকডাউনৰ সময়ত সম্ভাব্য সংকটৰ প্রতি লক্ষ্য ৰাখি ৰাজ্যৰ ভ্রাম্যমাণ জগতখনৰ সৈতে জড়িত শিল্পী তথা কলাকুশলীৰ মাজত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগত খাদ্য সামগ্রী বিতৰণ কৰা হয়৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত মহানগৰীৰ প্রায় ৩৩গৰাকী ভ্রাম্যমাণ জগতৰ সৈতে জড়িত শিল্পী তথা কলাকুশলীৰ মাজত চাউল, দাইল, মিঠাতেল, আলু, পিঁয়াজ, হালধি আদি বিতৰণ কৰে কলাক্ষেত্র সমাজৰ উপ–সভাপতি তথা বিধায়িকা আঙুৰলতা ডেকাই৷ খাদ্য সামগ্রী বিতৰণ কৰি বিধায়িকা ডেকাই কয়– ‘লকডাউনৰ সময়ত ৰাজ্যৰ ভ্রাম্যমাণ জগতৰ শিল্পী তথা কলাকুশলীসকল যাতে খাদ্য সামগ্রীৰ নাটনিত ভুগিবলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখি কলাক্ষেত্র সমাজৰ তৰফৰ পৰা খাদ্য সামগ্রী বিতৰণ কৰা হৈছে৷