নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ যোৰহাট জিলাত প্রতিবছৰৰ দৰে এইবাৰো ব্রহ্মপুত্রৰ কাষৰীয়া থলুৱা মাছৰ প্রাকৃতিক উৎপাদন হোৱা স্থানসমূহত এসপ্তাহমানৰ পৰা অতি কৰুণভাৱে কণীলগা মাছসমূহ দৈনিক কুইণ্টলে কুইণ্টলে ধৰি আছে ৷ তাৰ বিপৰীতে যোৰহাট জিলাৰ মীন বিভাগটোৱে এই বিষয়টোৰ ওপৰত কোনো সজাগতামূলক ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে ।
বর্তমান নিমাতী, ককিলা, বৰমুকলি, বৰছৰলা, ককিলামুখ আদি অঞ্চলত বহু হাজাৰ কুইণ্টল কণীলগা মাছ ধ্বংস কৰা কার্যক জিলা প্রশাসনক ৰোধ কৰিবৰ বাবে স্থানীয় সচেতন লোক আৰু পৰিৱেশ কর্মীসকলে আহ্বান জনাইছে ৷