নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰৰ চিত্র–ভাস্কর্য শিল্পী জয়চন্দ্র দাসৰ পৰিয়ালৰ দুৰৱস্থা

আর্থিক সংকট–ধুমুহাই ডৰুৱাই নিলে ঘৰৰ চালি

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ  ক’ৰোনা মহামাৰীৰ বাবে হোৱা সাম্প্রতিক পৰিস্থিতিত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রৰ লোকৰ লগতে শিল্পীসকলৰো পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ বিশেষকৈ লোকশিল্পী আৰু বাদ্যযন্ত্রী তথা সাংস্কৃতিক ক্ষেত্রৰ সৈতে জড়িত কলা–কুশলীসকল সম্পূর্ণৰূপে কর্মহীন হৈ অভাৱত দিন কটাবলগীয়া হৈছে৷

তেজপুৰৰ এনে এগৰাকী প্রবীণ–প্রসিদ্ধ চিত্র–ভাস্কর্য শিল্পী জয়চন্দ্র দাস কর্মহীন হৈ আর্থিক সংকটত ভুগিব লগা হৈছে৷ এফালে লকডাউনৰ বাবে ঘৰৰ পৰা ওলাব পৰা নাই শিল্পীগৰাকী আৰু আনফালে প্রকৃতিৰ কোপদৃষ্টিৰ ফলত ঘৰতে থাকিও সুৰক্ষিত নহয় জয়চন্দ্র দাসৰ পৰিয়াল৷

যোৱাটো ধুমুহাত তেওঁৰ ঘৰৰ চালি উৰুৱাই নিয়াৰ ফলত বিছনাত বহিয়েই আকাশ প্রত্যক্ষ কৰাৰ পৰিৱেশ হৈছে৷ তদুপৰি শিল্পীগৰাকীয়ে বিভিন্ন সময়ত সৃষ্টি কৰা অমূল্য চিত্র শিল্প বৰষুণত তিতি নষ্টপ্রায় হৈছে৷ অকল চিত্র শিল্প নষ্ট হোৱাই নহয়, আচবাব, বিছনাপত্র আনকি কণমানি শিশুৰ পঢ়া কিতাপকেইখনো বৰষুণৰ পানীত উৱলি গৈছে৷

আনহাতে, শিল্প–ভাস্কর্যৰ জৰিয়তে জীৱন–জীৱিকা অতিবাহিত কৰা তেজপুৰ কলিবাৰী নিৱাসী জয়চন্দ্র দাসে এতিয়া এসাঁজ খাই এসাঁজৰ বাবে চিন্তাত পৰিছে৷ প্রণিধানযোগ্য যে গুৱাহাটী নেহৰু উদ্যানৰ পৰা আৰম্ভ কৰি তেজপুৰৰ মহাভৈৰৱ, গণেশ মন্দিৰৰ তোৰণ, অগ্নিগড় আদিৰ দৰে লেখত ল’বলগীয়া সৃষ্টিৰাজিৰে জনপ্রিয় হৈ পৰা এইগৰাকী শিল্পীৰ হাতৰ পৰশত ৰাজ্যখনৰ বিভিন্ন প্রান্তত মন্দিৰ, নামঘৰ, উদ্যান আৰু ৰাজহুৱা স্থান জিলিকি আছে৷ কিন্তু আন্ধাৰতবুৰ গৈ এইগৰাকী শিল্পীয়ে নিজৰ পৰিয়ালটোক লৈ মুকলি আকাশৰ তলত অকণমান পোহৰৰ বাবে ৰাইজৰ সহযোগিতা আশাৰে বাট চাইছে৷

You might also like