নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঋষি কাপুৰৰ প্ৰথমখন ছবিঃ কিদৰে আহিল ছবি জগতলৈ

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ প্ৰসিদ্ধ অভিনেতা ঋষি কাপুৰৰ মৃত্যুত মৰ্মাহত সমগ্ৰ ভাৰতবৰ্ষ । সুকীয়া অভিনয় শৈলীৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হোৱা ঋষি কাপুৰৰ প্ৰথমখন ছবি আছিল ‘মেৰা নাম জ’কাৰ’ । ১৯৭০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনৰ সময়ছোৱাত ঋষি কাপুৰৰ বয়স আছিল ১৬ বছৰ । এজন বিদ্যালয়ৰ ছাত্ৰ হিচাপে অভিনয় কৰা ছবিখনত ঋষি কাপুৰৰ চৰিত্ৰটো আছিল ৰাজ কাপুৰৰ চৰিত্ৰ ৰাজুৰ ডেকাকাল । এইখন ছবিৰ বাবেই ঋষি কাপুৰে শ্ৰেষ্ঠ শিশু শিল্পীৰ শিতানত লাভ কৰিছিল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা । এইয়াই যি আছিল আৰম্ভণি তাৰ পৰা যেন উভতি চাব লগা হোৱা নাছিল এইগৰাকী অভিনেতাই ।

১৯৭৩ চনত তেওঁ প্ৰথমবাৰৰ বাবে ‘বব্বী’ ছবিখনত ডিম্পল কাপাদিয়াৰ দিয়াৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল । বব্বী ছবিয়ে সেইসময়ৰ যুৱ চামৰ মাজত এক আলোড়ন সৃষ্টি কৰাৰ লগতে ব্যৱসায়িক দিশতো লাভ কৰিছিল সফলতা ।

বৃহস্পতিবাৰে পুৱা মৃত্যু হোৱা এইগৰাকী অভিনেতাই শেহতীয়াভাৱে অভিনয় কৰা ছবি ‘দ্য ব’ডি’ মুক্তি পাইছিল ২০১৯ চনত ।

You might also like