‘দ্য ব’ডী’ৰে অভিনয় সামৰি গুচি গ’ল চিন্তু কাপুৰ
নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ বৃহস্পতিবাৰে পুৱাই দেহাৱসান হয় বলিউডৰ প্ৰসিদ্ধ অভিনেতা চিন্তু ওৰফে ঋষি কাপুৰৰ । ৬৭ বছৰ বয়সত মৃত্যুক সাৱটি লোৱা ঋষি কাপুৰে দ্য ব’ডী ছবিৰে সামৰণি মাৰিছিল অভিনয় জগতত । দুৰাৰোগ্য কেন্সাৰ ৰোগত আক্ৰান্ত হোৱা বিশিষ্ট অভিনেতাগৰাকীয়ে অৱশেষত যেন হাৰ মানিলে নিয়তিৰ ওচৰত ।
২০১৯ চনত মুক্তিপ্ৰাপ্ত দ্য ব’ডী ছবিখনত শেষবাৰৰ বাবে দেখা গৈছিল চিন্তু কাপুৰক । ১৯৭০ চনত মেৰা নাম জ’কাৰৰ জৰিয়তে ছবিজগতত প্ৰৱেশ কৰা অভিনেতাগৰাকীয়ে দ্য ব’ডীত সামৰণি মাৰে অভিনয় জীৱন । দ্য ব’ডীত কাপুৰৰ সৈতে আছিল ইমৰান হাছমি, ছভিতা ঢুলিপালা আৰু ভেদিকাৰ লগতে অন্য বহুজন । ২০১২ চনত মুক্তিপ্ৰাপ্ত স্পেনিছ ছবি দ্য ব’ডীৰ অফিছিয়েল ৰিমেক এইখন ছবি বলীউডত মুক্তি পায় ২০১৯ চনত ।