জনপ্ৰিয় অভিনেতা ঋষি কাপুৰৰ পৰিয়ালৰ সম্পৰ্কে কিছু কথা…
নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ বলীউদৰ জনপ্ৰিয় অভিনেতা ঋষি কাপুৰ আৰু নাই। ৬৭ বছৰ বয়সত মৃত্যু হয় বিশিষ্ট অভিনেতাজনৰ। ১৯৫২চনৰ ৪ ছেপ্টেম্বৰত মুম্বাইত জন্ম হৈছিল বিশিষ্ট অভিনেতা ঋষি কাপুৰৰ। তেখেতৰ পিতৃ-মাতৃ আছিল ৰাজ কাপুৰ আৰু কৃষ্ণা ৰাজ কাপুৰ। পৃথীৰাজ কাপুৰৰ নাতিয়েক আছিল ঋষি কাপুৰ। ২য় সন্তান আছিল ঋষি কাপুৰ। এটা পঞ্জাৱী পৰিয়ালত জন্মগ্ৰহণ কৰা ঋষি কাপুৰে মুম্বাইতে স্কুলীয়া শিক্ষা সমাপ্ত কৰি আজমীৰৰ মায়’ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।
যিহতু সমগ্ৰ পৰিয়ালটোৱেই সাংস্কৃতিক জগতখনৰ লগত জড়িত। সেই পথকেই অনুকৰণ কৰি বলীউদত খোজ পেলালে ঋষি কাপুৰে। ‘BOBY’ শীৰ্ষক চিনেমাখনৰ জড়িয়তে দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ঋষি কাপুৰ।
১৯৮০চনৰ ২২ জানুৱাৰীত সহঃঅভিনেত্ৰী নিতু সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ঋষি কাপুৰ। তেওঁলোকৰ দুই সন্তান ক্ৰমে জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ আৰু ডিজাইনৰ ৰিদ্ধিমা কাপুৰ চাহানী।
দশকজুৰি বলীউদ জগতৰ সবল খোজ দিয়া শশী কাপুৰ, স্বামী কাপুৰ, নিৰ্দেশক বিজয় কাপুৰ, বিকী কাপুৰ আৰু বীণা ৰায়ৰ ভতিজা আছিল ঋষি কাপুৰ। আনহাতে জনপ্ৰিয় অভিনেত্ৰী কৰিশ্মা কাপুৰ আৰু কৰীণা কাপুৰৰ খুড়াক। তেখেতৰ মৃত্যুত বলীউদ জগতত শোকৰ ছাঁ পৰাৰ লগতে বিগ বি অভিতাভ বচ্চনে টুইটাৰযোগে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে সমূহ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।