নিয়মীয়া বাৰ্তা, ১ মেঃ লকডাউনে লক্ষ লক্ষজনৰ জীৱিকালৈ বিপদ কঢ়িয়াই আনিব বুলি উদ্বিগ্ণতা প্রকাশ কৰে আৰ বি আইৰ প্রাক্তন গৱর্নৰ তথা প্রখ্যাত অর্থনীতিবিদ ৰঘুৰাম ৰাজনে৷ লকডাউন সম্পূর্ণ প্রত্যাহাৰ কৰাৰ পূর্বে ভাৰত চৰকাৰে দেশৰ বৃহৎসংখ্যক লোকৰ ক’ভিড–১৯ৰ পৰীক্ষণ কৰিব লাগিব৷ তদুপৰি লকডাউনৰ পিছত দেশজুৰি বাণিজ্য পুনৰ মুকলি কৰিবৰ বাবে ভাৰতক চতুৰ নীতিৰ প্রয়োজন হ’ব৷ কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ সৈতে আজি ভিডি’ কনফাৰেন্সিংযোগে বার্তালাপৰ পিছত অর্থনীতিবিদ ৰঘুৰাম ৰাজনে ভাৰত সন্দর্ভত উল্লিখিত তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ দীর্ঘদিন ধৰি লকডাউন বলৱৎ কৰাটো সঠিক নহ’ব বুলি মন্তব্য কৰি দেশৰ দৰিদ্র জনতাক সহায় কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সমর্থনৰ প্রয়োজন আছে বুলিও কয় অর্থনীতিবিদগৰাকীয়ে৷ ১৩০ কোটি জনসংখ্যাৰ বৃহৎ পৰিমাণৰ দৰিদ্র জনতাক সহায় কৰিবলৈ হ’লে ভাৰতক অতি কমেও ৬৫ হাজাৰ কোটি টকাৰ বাজেটৰ প্রয়োজন হ’ব বুলিও কয় অর্থনীতিবিদগৰাকীয়ে৷ ভাৰতে এয়া কৰা উচিত বুলি স্পষ্ট কৰি দিয়ে অর্থনীতিবিদ ৰাজনে৷