নিয়মীয়া বাৰ্তা, ১ মেঃ লকডাউনৰ সময়ত সম্প্রতি বহু সাধাৰণ নাগৰিকৰ লগতে সংবাদ মাধ্যমৰ লোকসকলো সমস্যাৰ সন্মুখীন হৈছে ৷ এনে পৰিপ্রেক্ষিতত বৃহস্পতিবাৰে গুৱাহাটী প্রেছ ক্লাবত মুঠ দুশটা খাদ্য–সামগ্রীৰ টোপোলা বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলৰ পৰিয়াললৈ আজমল ফাউণ্ডেচনে আগবঢ়ায় ৷ আজমল ফাউণ্ডেচনৰ শৈক্ষিক সঞ্চালক প্রাক্তন কর্নেল চমিৰ কাঞ্জিলাল আৰু হাইদৰ হুছেইন বৰাই গুৱাহাটী প্রেছ ক্লাবত উপস্থিত হৈ আনুষ্ঠানিকভাৱে প্রেছ ক্লাবৰ সভাপতি, সম্পাদক তথা প্রেছ ক্লাবৰ বিষয়ববীয়াৰ হাতত এই খাদ্য–সামগ্রীৰ টোপোলা অর্পণ কৰে ৷ সেই অনুসৰি প্রতিটো পৰিয়াললৈ চাউল ১৫ কেজি, দাইল ২ কেজি, মিঠাতেল ১ লিটাৰ, চেনি ২ কেজি, বুট ২ কেজি, বিস্কুট ২ পেকেট আৰু চাবোন ৫ ডোখৰকৈ সামগ্রীৰ একোটাকৈ টোপোলা প্রতিটো পৰিয়াললৈ আগবঢ়োৱাৰ কথা উল্লেখ কৰে৷ উল্লেখ্য যে আজিৰ এই কার্যসূচীত প্রেছ ক্লাবৰ সভাপতিগৰাকীয়ে আজমল ফাউণ্ডেচনে গুৱাহাটী প্রেছ ক্লাবলৈ এই সংকটকালত আগবঢ়োৱা সাহায্য তথা সহমর্মিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ ইপিনে, ৰটাৰী ক্লাবে আজি কর্মৰত সাংবাদিকসকলৰ বাবে মাস্ক আৰু ছেনিটাইজাৰ গুৱাহাটী প্রেছ ক্লাবৰ বিষয়ববীয়াৰ হাতত অর্পণ কৰে ৷ ৰটাৰী ক্লাবৰ সভাপতি জি এন খাউণ্ড আৰু ক্লাব ডাইৰেক্টৰ ড০ গৌতম শর্মাই প্রেছ ক্লাবত উপস্থিত হৈ সভাপতি–সম্পাদকৰ হাতত সামগ্রীখিনি প্রদান কৰে ৷
Prev Post
You might also like