সকাহঃ সুৰাৰ বিপণী আৰু পাণ দোকানসমূহ পুনৰ মুকলিৰ অনুমতি
নিয়মীয়া বাৰ্তা, ১ মেঃ দ্বিতীয় পৰ্যায়ৰ লকডাউন অন্ত হোৱাৰ ২ দিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে আজি পুনৰ এক জাননী জাৰি কৰি লকডাউনৰ সময়সীমা বৃদ্ধিৰ ঘোষণা কৰে । যাৰ বাবে পুনৰ দেশত ২ সপ্তাহলৈ বৃদ্ধি পালে লকডাউন ।
অৱশ্যে এই তৃতীয় পৰ্যায়ৰ লকডাউনত থাকিব কেতবোৰ শিথিলতা ।
অৱশ্যে গ্ৰীণ জ’নত থকাসকলৰ বাবে কিছু সকাহ দিছে গৃহ মন্ত্ৰণালয়ে । সুৰাৰ বিপণী খোলাক লৈ এক নতুন নিৰ্দেশনা ।
৪ মে’ৰ পৰা সুৰাৰ বিপণী আৰু পাণ দোকানসমূহ মুকলি কৰাৰ অনুমতি। গ্ৰীণ জ’নত মুকলি হ’ব সুৰাৰ বিপণীৰ লগতে পাণ দোকান। কিন্তু একে সময়ত ৫ জনতকৈ অধিক লোক এখন দোকানত সমবেত হ’ব নোৱাৰিব।