নিয়মীয়া বাৰ্তা, ২মেঃ উত্তৰ-পূবৰ সকলো ৰাজ্যৰ বাবে দেওবাৰৰ পৰা খুলিব অসম সীমান্ত। দেওবাৰৰ পুৱাৰ পৰা যিসকললোক অসমলৈ আহিব বিচাৰে তেওঁলোক আহিব পাৰিব।ইয়াৰ বাবে কোনোধৰণৰ ‘পাছ’ৰ প্ৰয়োজন নহয়। উত্তৰ-পূবৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই সন্দৰ্ভত জনোৱা হৈছে বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
এইসকল লোক অহাৰ লগে লগেই অসম সীমান্তত স্বাস্থ্য পৰীক্ষা কৰা হ’ব আৰু যেনেকৈ প্ৰয়োজন হয় তেনেকৈয়ে এই লোকসকলক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ’ব। ইয়াত অন্তভুৰ্ক্ত নহ’ব ছিকিম।
কিছুদিনৰ পাছত এই ৰাজ্যসমূহৰ ৰাজধানীলৈ অসম পৰিবহন নিগমৰ বাছ পঠোৱাৰ ব্যৱস্থা লোৱা হ’ব। বাছ পঠোৱাৰ আগতেই যদি কোনো লোক আহিব খোজে তেন্তে আহিব পাৰে বুলি মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসমত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজাৰ পৰালৈ কাৰ্ফিউ দিয়া হ’ব গতিকে ৬ বজাৰ আগতেই অসম পোৱাকৈ উত্তৰ-পূৱৰ ৰাজ্যসমূহত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক আহিবলৈ আহ্বান মন্ত্ৰী ড০ শৰ্মাৰ।