নিয়মীয়া বার্তা, ৪ মে’ : আন্দামান–নিকোবৰ অথবা আফ্রিকাৰ ঘন জংঘল নহয়, নামেৰী ৰাষ্ট্রীয় উদ্যানৰ পৰা মাত্র আঠ কিলোমিটাৰ দূৰত্বত থকা গুঁইনেজীয়া পাহাৰ ৷ পাহাৰখনৰ চৌপাশ সেউজীয়াৰে সুশোভিত হৈ আছে ৷ মাজে–সময়ে বন্যহস্তীৰ চিঞৰ অথবা অৰণ্যৰ পশু–পক্ষীৰ কলৰৱ ৷ ইয়াৰ বাহিৰে বিশাল পাহাৰখনত চকুৰে মনিব পৰালৈকে একোৱেই দৃষ্টিগোচৰ নহয় ৷ কিন্তু এই অৰণ্যৰ প্রেমত মচগুল এজন বহেমিয়ান ব্যক্তিয়ে গুঁইনেজীয়া পাহাৰতেই যোৱা ২৪ ছৰে অতিবাহিত কৰিছে ৷ পাহাৰখনৰ এডাল বিশালকায় বৃক্ষই হ’ল তেওঁৰ ঘৰ ৷ গছডালৰ প্রায় ৪০ ফুট উচ্চতাত সাজিছে গছৰ ডালৰ এখন চাং ৷ সেইখনেই তেওঁৰ সুখনিদ্রাৰ আশ্রয়স্থল ৷ গছৰ তলত মুকলি আকাশৰ তলতেই কৰে ৰন্ধা–বঢ়া ৷ অতি পুৰণি গছডালৰ গুহাসদৃশ প্রকাণ্ড খোৰোঙত উপাস্য দেৱতাৰ ছবি স্থাপন কৰি নিতৌ কৰে পূজা–অর্চনা ৷
জনাঞ্চলৰ পৰা আঁতৰি দীর্ঘদিন ধৰি গছত বাস কৰা এই মানুহজনৰ নাম চতু ওৰফে সুকুৰু ৷ ৰঙাপৰাৰ ফুলবাৰী অঞ্চলৰ সুকুৰু অর্থাৎ শিৱৰাজ খাতুৱে ঘৰ–বাৰী এৰি এই পাহাৰখনত থাকিবলৈ লয় ৷ প্রথমে ঘৰৰ পৰাই অহা–যোৱা কৰিছিল পাহাৰখনলৈ ৷ পিছত বহিঃজগতৰ সৈতে নিজকে সম্পূর্ণৰূপে সম্পর্ক বিচ্ছিন্ন কৰি কেৱল প্রকৃতিৰ কোলাতেই নিগাজিকৈ থাকিবলৈ লয় ৷ এতিয়া তেওঁৰ সংগী বনৰ পশু–পক্ষী, কীট–পতংগ ইত্যাদি ৷ বন্যহস্তীৰ জাকো গছডালৰ তলত আহি চতুৱে দিয়া নিমখ খাবলৈ আহে ৷ তেওঁৰ নাই কোনো ধৰণৰ আক্ষেপ ৷ প্রাচুর্যৰ প্রতিও লালায়িত নহয় তেওঁ ৷ নিজৰ সৈতে সময় অতিবাহিত কৰি আধ্যাত্মিক চিন্তা–ভাবনাৰে প্রতিনিয়ত নিজকে ব্যস্ত ৰাখি জনশূন্য প্রকৃতিৰ কোলাত ছৰৰ পিছত ছৰ ধৰি জীৱন যাপন কৰিছে এই ব্যক্তিজনে ৷ কিন্তু আধুনিকতাৰ ধামখুমীয়াত সৌ সিদিনালৈ প্রতিজন মানুহে জীৱন যুঁজত তীব্র গতিৰে প্রতিদ্বন্দ্বিতা কৰি অহাৰ সময়ত এনেদৰে কোনো মানুহ এডাল গছকেই আশ্রয় কৰি থাকিব পাৰে বুলি হয়তো কোনেও কল্পনাই কৰা নাছিল ৷ কিন্তু সেয়াও বাস্তৱ ৷ মানুহে নিজকে আছুতীয়া কৰি ৰাখিব পাৰে ৷ অকলশৰীয়াকৈও যে ব্যক্তিগত জীৱন কটাব পাৰি সেই কথা এতিয়া বিশ্বৰ প্রতিজন মানুহেই অনুধাৱন কৰিব পাৰিছে ৷ অৱশ্যে গছৰ খোৰোঙত বাস কৰা চতুৱে নিজকে যোৱা ২৪টা ছৰে অকলশৰীয়াকৈ ৰাখিছে ৷ একপ্রকাৰ তেওঁক অকলশৰীয়া বুলি কোৱাটো অনুচিত হ’ব ৷ নিঃসংগৰো সংগী থাকে ৷ সেয়া নিজেও হ’ পাৰে ৷ তেওঁৰ এখন পৃথিৱী আছে ৷ যিখন পৃথিৱীত হয়তো অন্য মানুহৰ সাহচর্য নাই, কিন্তু আছে প্রকৃতিৰ গভীৰ আত্মীয়তা ৷ যাৰ পৰশত আপোনভোলা হৈ নিঃসংগতাৰ মাজতো একোৰেই অভাৱ অনুভৱ কৰা নাই চতুৱে ৷ তেওঁ সেইবাবেই এই প্রতিবেদকক হাঁহি হাঁহি নিজৰ সন্তুষ্টিৰ কথা প্রকাশ কৰিব পাৰিলে ৷ সদায় ইষ্ট দেৱতাক আৰাধনা কৰি ৰ’দ–বৰষুণ–বতাহ সকলো অনুকূল আৰু প্রতিকূল বতৰতো তেওঁৰ ভয় নালাগে ৷ প্রকৃতিয়ে নিশ্চয় সকলো জীৱকে সুৰক্ষা প্রদান কৰিব ৷ সেই আশ্বাস আৰু বিশ্বাসেৰে দিনৰ পিছত ৰাতি, মাহৰ পিছত ছৰ এডাল গছতেই জীৱন অতিবাহিত কৰিছে চতু ওৰফে সুকুৰুৱে ৷