নিয়মীয়া বাৰ্তা, ৪ মে’ : বয়সে গৰকা এগৰাকী টীয়কৰ কাৱৈমাৰী কলবাৰীৰ অসহায় আইতাৰ দুর্বিষহ জীৱনে কন্দুৱাইছিল সকলোকে৷ আইতাৰ নাছিল নিজা কোনো ভূমি, নিজা ঘৰ, নাছিল আইতাৰ বিছনা এখনো৷ মাটিতেই পৰি থাকে আইতাগৰাকী, আইতাগৰাকীৰ নাম পুহি৷ পুহি আইতাৰ দুর্দশাগ্রস্ত জীৱনটোৰ পৰা পৰিত্রাণ পোৱাবলৈ টীয়কৰ দুজন উদীয়মান যুৱক সমীৰণ বৰঠাকুৰ আৰু ভাস্কৰজ্যোতি বৰাই লৈছিল বিশেষ তৎপৰতা ৷ এই তৎপৰতাৰ পিছতেই টীয়কৰ কাৱৈমাৰী কলবাৰীত উপস্থিত হৈছিল বহু দল–সংগঠনৰ বিষয়ববীয়াৰ লগতে বহু সহূদয়ৱান লোকে দেখুওৱাইছিল ব্যাপক সঁহাৰি৷ পুত্র –কন্যা কোনো নথকা এই পুহি আইতায়ে স্বামীৰ মৃত্যুৰ পিছত মথাউৰিৰ ওপৰত দুচলা টিন থকা এটা উৰুখা পঁজাত এবেলা এসাঁজ খাই তথা কেতিয়াবা অনাহাৰে দুর্বিষহ জীৱন কটোৱা দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু এই খবৰ দৃষ্টিগোচৰ হৈছিল স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৷ তাৰ পিছতেই স্বাস্থ্যমন্ত্রীগৰাকীৰ নির্দেশ মর্মে যোৰহাটৰ প্রতিনিধি হিচাপে অসম প্রদেশ ৰাজ্যিক যুৱ মর্চাৰ বিষয়ববীয়া সিদ্ধাংক অংকুৰ বৰুৱাসহ এটা দল উক্ত স্থানত উপস্থিত হৈ বিশেষ উদ্যোগ গ্রহণ কৰে আৰু জনতা যুৱ মর্চাই এই কথা যোৰহাট জিলা প্রশাসন ,আৰক্ষী আৰু স্বাস্থ্য বিভাগক অৱগত কৰায়৷ তৎক্ষিণকভাৱে উক্ত স্থানত জিলা প্রশাসনৰ লোক উপস্থিত হৈ কুহি আইতাৰ স্বাস্থ্যৰ বুজ লয় আৰু আইতাগৰাকীৰ স্বাস্থ্য অৱনতি ঘটা লক্ষণ দেখি মুহূর্ততে টীয়কত প্রাথমিক চিকিৎসা কৰোৱায় তাৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হয় আৰু আইতাগৰাকীৰ সমস্ত চিকিৎসাৰ দায়িত্ব গ্রহণ কৰে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষই৷ এই সময়ছোৱাত আইতাগৰাকীৰ বাবে শুশ্রূষাৰ দায়িত্ব লৈছে বর্ণাভ নামৰ স্বেচ্ছাসেৱী সংস্থাই, এইক্ষেত্রত সম্পূর্ণ সহযোগিতা আগবঢ়াইছে আৰক্ষী প্রশাসন তথা যোৰহাট জিলা প্রশাসনে৷ আনহাতে সাৰথি বৃদ্ধাশ্রমৰ তৰফৰ পৰাও আইতাগৰাকীৰ বাবে থকা–খোৱাৰ ক্ষেত্রত উদ্যোগ লোৱাৰ কথা সদৰী কৰিছে অসম ৰাজ্যিক আইন সেৱা প্রাধিকৰণৰ সমন্বয়ক দিব্যজ্যোতি বৰাই৷ আনহাতে আইতাগৰাকীৰ থকা–খোৱা আৰু স্বাস্থ্যৰ প্রতিটো দিশ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জনাব লাগিব জিলা প্রশাসন তথা ভাৰতীয় জনতা যুৱ মর্চাই৷ এই কথা সদৰী কৰে যুৱ মর্চাৰ বিষয়ববীয়া সিদ্ধাংক অংকৰ বৰুৱাই ৷