ভাৰতৰ বাহিৰত আৱদ্ধ লোকসকলক অনাৰ ব্যৱস্থা কৰিব চৰকাৰে
নিয়মীয়া বাৰ্তা, ৫ মেঃ ভাৰতত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘণ্টাত দেশত আক্ৰান্ত হৈছে ৩,৬৭২জন লোক আৰু মৃত্যু হৈছে ১৫শৰো অধিক লোক। আনহাতে ভাৰতৰ বাহিৰত আৱদ্ধ হৈ থকা লোকসকলক দেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া শীঘ্ৰে আৰম্ভ হ’ব। ৭ মে’ৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া। জাহাজ আৰু বিমানেৰে অনা হ’ব এই লোকসকলক আৰু অনাৰ পূৰ্বে কৰা সকলো লোককে কৰা হ’ব স্ক্ৰীনিং। ভাৰত আহি পোৱাৰ পিছত ১৪দিনৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব বিদেশত আৱদ্ধ লোকসকলক।