নিয়মীয়া বাৰ্তা, ৫ মে’ : ক’ৰোনাৰ প্ৰথম পৰ্যায়ৰ সংক্ৰমণৰ পৰা অসম ৰক্ষা পৰিলেও ৰাজ্যৰ বৰ্তমান পৰৱৰ্তী পৰ্যায়ত ক’ৰোনা প্ৰতিৰোধৰ বাবে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাক সামূহিক পৰীক্ষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে মৰিগাঁৱতো অহা ৭মে’ বৃহস্পতিবাৰৰ পৰা জিলাখনৰ ৯৭৬ খন গাঁৱত সংক্ৰমণজনিত ৰোগৰ সামূহিক পৰীক্ষণৰ ব্যৱস্থা কৰা হৈছে । ইতিমধ্যে এই সন্দৰ্ভত ৩৮গৰাকী চিকিৎসক ২৮৪ গৰাকী নাৰ্ছ ৮০ গৰাকী এম পি ডব্লিউ আৰু ৯৪৬ গৰাকী আশা কৰ্মীক নিযুক্ত কৰা বুলি মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰাই নিয়মীয়া বার্তা ক জনাইছে । এই সময়ছোৱাত ঘৰে ঘৰে চিকিৎসা কৰ্মীয়ে পৰীক্ষণ কৰিব বুলি জানিব পৰা গৈছে ।