নিয়মীয়া বাৰ্তা, ৫ মে’ : তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত দেশত কিছুক্ষেত্ৰত দিয়া হৈছিল শিথিলতা । বিশেষকৈ এই সময়ছোৱাত সুৰাবিপনী খোলা ৰখাৰ সিদ্ধান্ত পিচতেই দেশজুৰি প্ৰতিখন বিপনীতে দেখা গৈছে সুৰাপায়ীৰ ব্যাপক ভিৰ । সামাজিক দূৰত্ব সম্পূৰ্ণৰূপে উলংঘন কৰি সুৰাপায়ী সকলে ভিৰ কৰিছে বিপনীত ।
সোমবাৰৰ পৰা দেশৰ ভিন্ন প্ৰান্তৰ সুৰাবিপনীৰ পৰা অহা ভিডিঅ’ দেখাৰ পাচতেই নিশ্চয় তবধ মানিছে আপুনিও । অৱশ্যে ইয়াৰ মাজতে মঙলবাৰে পুনে আৰক্ষীয়ে চহৰখনৰ ৯ খনকৈ বিপনীৰ বিৰুদ্ধে নিজাববীয়াকৈ ৰুজু কৰে গোচৰ ।
ক’ভিড-১৯ সম্পৰ্কত চৰকাৰে জাৰি কৰা নীতি-নিয়ম আৰু সামাজিক দূৰত্ব উলংঘনৰ ফলতেই আৰক্ষীয়ে এই কেইখন বিপনীৰ ওপৰত গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিছে । পুনে ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপিয়ে জনোৱা অনুসৰি এইকেইখন সুৰাবিপনীৰ বিৰুদ্ধে ৰজু কৰা হৈছে মুঠ ৯ টাকৈ গোচৰ ।