নিয়মীয়া বাৰ্তা, ৫ মে’ : ৰাজ্যত শেহতীয়াভাৱে পুনৰ এগৰাকী লোকৰ শৰীৰত ধৰা পৰে ক’ৰোনা ভাইৰাছ । কোকৰাঝাৰ জিলাৰ এই ব্যক্তিগৰাকী কোচবিহাৰলৈ যোৱাৰ তথ্য লাভ কৰিছে স্বাস্থ্যবিভাগে ।
মঙলবাৰৰ দিনটোতে ৰাজ্যত দুগৰাকীকৈ লোকৰ শৰীৰত ধৰা পৰে ক’ভিড-১৯ পজিটিভ । ইয়াৰ পূৰ্বে বিয়লি গোৱালপাৰাৰ এগৰাকী লোকৰ শৰীৰত ক’ভিড-১৯ল পজিটিভৰ তথ্য পোহৰলৈ আহে ।
বৰ্তমান ৰাজ্যত মুঠ ৪৪ গৰাকী ক’ভিড আক্ৰান্তৰ ভিতৰত ৩২ গৰাকী ক’ৰোনামুক্ত হোৱাৰ লগতে এগৰাকী ৰোগীৰ মৃত্যু হৈছে । ইফালে , ৰাজ্যত মুঠ সক্ৰিয় আক্ৰান্তৰ সংখ্যা ১১ ।