নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিমলৈ বিশ্বযুদ্ধৰ স্মাৰক পদক পুটিনৰ

নিয়মীয়া বাৰ্তা, ৫ মে’ : উত্তৰ কোৰিয়াৰ ৰাষ্ট্রপতি কিম জং–উনক ৰাছিয়াই দ্বিতীয় বিশ্বযুদ্ধৰ স্মাৰক পদকেৰে সন্মানিত কৰিছে৷ ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে এই কথা ঘোষণা কৰি কৈছে যে উত্তৰ কোৰিয়াই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্রাণ আহুতি দিয়া ছোভিয়েট সৈনিকসকলৰ স্মৃতি সজীৱ কৰি ৰাখিছে৷ উত্তৰ কোৰিয়াৰ পিয়ংয়াংস্থিত ৰুছ দূতাবাসৰ তৰফৰ পৰা কালি স্পষ্ট কৰা হৈছে এই কথা৷

উল্লেখনীয় যে উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকীক যোৱা মাহত পিয়ংয়াঙত এক বর্ণাঢ়্য কার্যসূচীত এই পদক প্রদান কৰা হৈছে বুলি ৰুছ দূতাবাসে ঘোষণা কৰিছে৷ প্রায় ২০ দিন ধৰি ৰাজহুৱা জীৱনৰ পৰা আত্মগোপন কৰি থকা কিম জং–উনে চলিত সপ্তাহৰ আৰম্ভনিতে পুনৰ আত্মপ্রকাশ কৰে৷

১৯৪১ ৰ পৰা ১৯৪৫ লৈ দ্বিতীয় বিশ্বযুদ্ধত নিহত ছোভিয়েট সৈনিকসকলৰ স্মৃতিক উত্তৰ কোৰিয়াই দেশখনৰ আভ্যন্তৰত এতিয়াও সজীৱ কৰি ৰাখিছে৷ গতিকে বিশ্বযুদ্ধৰ ৭৫ বছৰ পূর্তিত ৰাছিয়াই প্রস্তুত কৰা স্মাৰক বঁটা প্রদান কৰা হৈছে কিমক৷

You might also like