নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত গুৱাহাটীৰ পৰা মেঘালয়লৈ চোৰাংভাৱে মাছ সৰবৰাহ; যোৰাবাটত ৯ কুইণ্টল মাছসহ দুজনক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা,  ৭ মে’ : ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ বাবে চলি থকা লকডাউনৰ মাজতেই ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা গুৱাহাটী হৈ চোৰাংভাৱে মেঘালয়লৈ মাছ সৰবৰাহ কৰা পৰিলক্ষিত হৈছে৷ একাংশ মুনাফাখোৰ ব্যৱসায়ীয়ে মীন বিভাগৰ পৰা ঋণ লৈ মাছ উৎপাদন কৰি অসমত বিক্রী কৰাৰ বিপৰীতে লকডাউনৰ সমছোৱাত অধিক মুনাফা অর্জনৰ বাবে চোৰাংভাৱে মেঘালয়লৈ মাছ সৰবৰাহ কৰি আহিছে৷

বুধবাৰে যোৰাবাট আৰক্ষীয়ে নগাঁৱৰ পৰা অহা এ এছ–০১–ডি চি–৯২৮৮ আৰু এ এছ–০১–এফ চি–৭৯৭৬ নম্বৰৰ মাছভর্তি দুখন বাহন জব্দ কৰাৰ লগতে ৯ কুইণ্টল থলুৱা মাছ জব্দ কৰে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত দুজন লোকক আটক কৰে৷ ধৃত লোক দুজন লখৰাৰ লালুংগাঁৱৰ মহম্মদ ৰাজু আলী আৰু মহম্মদ ওমৰ আলী বুলি আৰক্ষী সূত্রে জানিবলৈ দিছে৷

উল্লেখ্য যে ধৃত লোক দুজনে নগাঁৱৰ পৰা বাহন দুখনত ৯ কুইণ্টল মাছ লৈ গুৱাহাটীৰ ভেটাপাৰাৰ পাইকাৰী বজাৰত বিক্রী কৰাৰ কথা আছিল যদিও অধিক মুনাফা অর্জনৰ বাবে ব্যৱসায়ী দুজনে বাহন দুখন মেঘালয় অভিমুখে লৈ যোৱাৰ পৰিকল্পনা কৰিছিল৷ আৰক্ষীয়ে গোপন সূত্রৰ পম খেদি যোৰাবাটৰ ১২ মাইলৰ পৰা মাছভর্তি বাহন দুখন পুৱাৰ ভাগত জব্দ কৰাৰ লগতে ব্যৱসায়ী দুজনক আটক কৰে৷

আৰক্ষীয়ে জব্দ কৰা মাছখিনি মীন বিভাগক গতাই দিয়া বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত অসমৰ পৰা বহিঃৰাজ্যলৈ থলুৱা মাছ সৰবৰাহ কৰি অসাধু ব্যৱসায়ী চক্রই অধিক মুনাফা অর্জন কৰি আহিছে৷ মীন বিভাগৰ অগোচৰে বহু অসাধু ব্যৱসায়ীয়ে অসমৰ পৰা বহিঃৰাজ্যলৈ মাছ সৰবৰাহ কৰাত ৰাজ্যৰ মীন বিভাগে বৃহৎ পৰিমাণৰ ৰাজহ হেৰুৱাব লগা হৈছে৷ ইপিনে, আন একাংশ ব্যৱসায়ীয়ে মহানগৰীৰ বিভিন্ন প্রান্তত প্রশাসনৰ বিনা অনুমতিত লকডাউন উলংঘাৰে চোৰাংভাৱে মাছ বিক্রী কৰা ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like