কাইলৈ পৰা এপ্রিলৰ দৰমহা আদায়
নিয়মীয়া বাৰ্তা ৭ মেঃ ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে সুখবৰ৷ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিপূর্বে কৰা ঘোষণা অনুসৰি ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলক অহা ৮ মে’ৰ পৰা আদায় দিয়া হ’ব দৰমহা আৰু পেন্সন৷ আজি বিত্ত বিভাগে আনুষ্ঠানিকভাৱে ৰাজ্যৰ প্রতিটো কোষাগাৰলৈ অহা ৮ মে’ৰ পৰা ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ কাইলৈৰ পৰা এপ্রিলৰ দৰমহা আদায় এপ্রিল মাহৰ দৰমহা–পেন্সনৰ বিল পাছ কৰিবলৈ নির্দেশ দিয়ে৷ এক তাৰ বার্তা (নং–বি বি ১৮৯/২০১৬/১৩৫)ত কোষাগাৰ বিষয়াসকলক এপ্রিল মাহৰ দৰমহা, মজুৰি, পেন্সন সম্পর্কীয় বিল, চেক আদি পাছ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ বিত্ত (বাজেট) বিভাগৰ তৰফৰ পৰা দিয়া এই নির্দেশৰ লগে লগে ৰাজ্যিক কর্মচাৰীসকলে এপ্রিল মাহৰ দৰমহা কার্যতঃ সময়মতে লাভ কৰাটো স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে বর্তমানৰ চৰকাৰখনে প্রতিমাহে ৰাজ্যিক কর্মচাৰীসকলক মাহৰ ১–২ তাৰিখেই দৰমহা আদায় দি আহিছে৷ ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মে’ মাহত আদায় দিবলগীয়া দৰমহা দিওঁতে এইবাৰ মে’ মাহৰ ৮ তাৰিখ পাব বুলি যোৱা এপ্রিল মাহৰ শেষ ভাগত এখন সংবাদ মেলযোগে প্রকাশ কৰে৷ সংবাদ মেলত মন্ত্রী ড০ শর্মাই উল্লেখ কৰাৰ দৰে ৰাজ্যিক কর্মচাৰীসকলে মে’ মাহৰ ৮ তাৰিখে দৰমহা লাভৰ পথ কার্যতঃ সুচল হৈ উঠিল৷