জুনত ঘোষণা কৰা হ’ব মেট্ৰিক-HSৰ ফলাফলঃ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৭ মেঃ জুন মাহৰ মাজভাগত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব। আজিৰে পৰা শিক্ষানুষ্ঠানসমূহৰ এমহীয়া গৰমৰ বন্ধ আৰম্ভ। দেশজুৰি ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে বন্ধ হৈ আছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ। গতিকে শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। ৰাজ্যৰ শিক্ষাবিদসকলৰ সৈতে আলোচনা কৰি ৰাজ্যৰ শিক্ষাবৰ্ষ ৩১ মাৰ্চত সমাপ্ত কৰাৰ সিদ্ধান্তৰ ক্ষেত্ৰত চিন্তা-চৰ্চা কৰা হৈছে বুলি সংবাদমেলত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে গৱেষক শিক্ষাৰ্থীসকলৰ বাবে খোলা থাকিব কলেজ-বিশ্ববিদ্যালয়ৰ লেব। মাস্ক পিন্ধি লেবলৈ যাব লাগিব শিক্ষাৰ্থীসকল। সকলো শিক্ষাৰ্থীকে দীক্ষা এপটো ডাউনলোড কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।