নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰবাসীয়ে উলংঘা কৰিছে লক ডাউন, শিশুসকলক ঘৰৰ পৰা উলিয়াই নানিব

মহানগৰবাসীলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান

নিয়মীয়া বাৰ্তা, ৮ মেঃ মহানগৰীত লক ডাউন উলংঘা হৈ আছে। একাংশই উলংঘা কৰিছে লক ডাউন। সামাজিক দূৰত্ব বৰ্তাই নাৰাখি একাংশই দোকান-পোহাৰ খুলিছে। বাইকত দুজনতকৈ অধিক লোক ঘূৰিছে। প্ৰয়োজন আৰু অপ্ৰয়োজনীয়ভাৱে ঘৰৰ পৰা ওলাই অহাৰ লগতে অভিভাৱকসকলে শিশুসকলক লৈ ঘৰৰ পৰা উলিয়াই লৈ আহিছে। এনেকৈ যদি শিশুসকল আৰু বয়োজ্যেষ্ঠসকল ঘৰৰ পৰা ওলাই আহে তেন্তে চৰকাৰে কৈ থাকিলেও সমস্য়া সমাধান নহ’ব ।

শিশুসকলক ঘৰৰ পৰা উলিয়াই নানিবলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অভিভাৱকে উলিয়াই আনিলে প্ৰশ্ন কৰক সকলোৱে। কিয়নো এটি শিশু কেৱল অভিভাৱকৰেই নহয়, শিশুটি দেশৰ ভৱিষ্যত। তেনেদৰে এজন বয়োজ্যেষ্ঠ লোকো যদি ঘৰৰ পৰা ওলাই আহে তেন্তে তেওঁলোকক ঘৰলৈ ঘূৰাই পঠাওক বুলি সংবাদমেলত মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like