নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত বোকাজানৰ যুৱকৰ মৃত্যুঃ মৃতদেহ সৎকাৰৰ ব্যৱস্থা কৰি দিলে মুখ্যমন্ত্ৰী সোণোৱাল, বিধায়ক নোমল মমিনে

নিয়মীয়া বাৰ্তা, ৮ মেঃ পাহাৰীয়া জিলা কাৰ্বি-আংলঙৰ বোকাজানৰ নগৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা প্ৰয়াত উত্তম নন্দিৰ পত্নী ৰঞ্জু নন্দিৰ একমাত্ৰ পুত্ৰ সন্তান মহৎ নন্দি যোৱা ৫ মে’ৰ দিনা দিল্লীত এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় ।

উল্লেখ্য যে পিতৃৰ মৃত্যুৰ পাছত জীৱিকাৰ সন্ধানত ২৩ বছৰীয়া মহৎ নন্দিয়ে বোকাজানৰ বাসগৃহত মাতৃক অকলে এৰি দিল্লীৰ এটা কল চেণ্টাৰত নিজকে নিয়োজিত কৰিছিল । কিন্তু ৰঞ্জু নন্দিৰ বুকু উদং কৰি কাঢ়ি লৈ গ’ল একমাত্ৰ পুত্ৰ মহৎ নন্দিক । মূৰত সৰগ ভাগি পৰা ৰঞ্জু নন্দিয়ে হিয়া ঢাকুৰি কান্দি ওচৰ চুবুৰীয়াক কাবৌ কৰিলে দিল্লীৰ পৰা পুত্ৰৰ মৃতদেহ ঘৰলৈ আনিবলৈ ।

এই কথা বোকাজানৰ সাংবাদিক ৰুবুল দিহিঙীয়াৰ অৱগত হোৱাত তেওঁ বোকাজানৰ বিধায়ক ডাঃ নোমল মমিনক সমস্ত ঘটনা সম্পৰ্কত ফোনযোগে অৱগত কৰে । বিধায়ক মমিনেও নিজৰ সমষ্টিৰ বিধৱা মহিলাগৰাকীৰ একমাত্ৰ পুত্ৰৰ মৃতদেহটো দিল্লীৰ পৰা অনাৰ সম্পৰ্কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত আলোচনা কৰে ।

মুখ্য়মন্ত্ৰী সোণোৱালে দিল্লীৰ ৰেড জ’নৰ পৰা কোনো কাৰণতে মৃতদেহ বোকাজানলৈ আনিব নোৱাৰে বুলি কয় যদিও বোকাজানৰ বিধায়কৰ প্ৰচেষ্টাত দিল্লীতে যুৱকজনৰ মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰে ।

ইয়াৰ পাছতে আজি ৰঞ্জু নন্দিৰ সম্পৰ্কীয় দিল্লীৰ এগৰাকী অভিভাৱক আৰু দিল্লীৰ অসম ভৱনৰ লোকসকলৰ সহযোগত দিল্লীতে যুৱকজনৰ অন্তোষ্টিক্ৰিয়া সম্পূৰ্ণ হিন্দু ধৰ্মৰ নীতি-নিয়মৰ মাজেৰে সম্পন্ন কৰে ।

উল্লেখ্য যে বোকাজান আৰক্ষী থানাৰ আৰক্ষী বিষয়া ডিম্বেচৰ ঠাকুৰীয়াও আজি মৃত যুৱকজনৰ গৃহত উপস্থিত হৈ মহৎ নন্দিৰ মাতৃক সমবেদনা জ্ঞাপন কৰে ।

You might also like