খালী ষ্টেডিয়ামত ক্রিকেটৰ মজা নাথাকিবঃকোহলি
নিয়মীয়া বাৰ্তা ৯ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱ অন্ত পৰাৰ পিছত খালী ষ্টেডিয়ামত মেচ অনুষ্ঠিত হ’লে ক্রিকেটে ইয়াৰ প্রকৃত মাদকতা হেৰুৱাব৷ অৱশ্যে সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি দর্শকশূন্য ষ্টেডিয়ামত খেল অনুষ্ঠিত হোৱাটো সম্ভৱ৷ –এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে৷ ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত তাৰকাগৰাকীয়ে আজি কয় যে দর্শকশূন্য ষ্টেডিয়ামত মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা এতিয়া প্রবল হৈ উঠিছে৷ ‘ক’ভিড–১৯ৰ পৰৱর্তী সময়ছোৱাত কিছুদিনৰ বাবে হয়তো দর্শকশূন্য ষ্টেডিয়ামত মেচ অনুষ্ঠিত হোৱাটো বাঞ্ছনীয় হ’ব৷ কিয়নো ক’ৰোনা ভাইৰাছৰ পৰা আঁতৰি থাকিবলৈ আমি সামাজিক দূৰত্ব বর্তাই ৰাখিব লাগিব৷ আই চি চিয়ে ইতিমধ্যে বিষয়টো চিন্তা–চর্চা কৰিছে৷ আনে এই সন্দর্ভত কি ভাবে মই নাজানো, কিন্তু মোৰ মতে ষ্টেডিয়ামত দর্শক নাথাকিলে ক্রিকেটৰ প্রকৃত মাদকতা হেৰাই যাব৷ দর্শকেৰে ভৰা ষ্টেডিয়ামত খেলাৰ যি মাদকতা তাৰ পৰা আমি বঞ্চিত হ’ম৷ খেলপথাৰত যদিও আমি ১১গৰাকী খেলুৱৈয়ে দেশক প্রতিনিধিত্ব কৰোঁ, আমাৰ সৈতে প্রতিটো মুহূর্তত সংযুক্ত হৈ থাকে দর্শকৰ মৰম–চেনেহ আৰু অভূতপূর্ব সমর্থন৷’ কোহলিয়ে এইদৰে কয়৷ উল্লেখ্য যে মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহ প্রাদুর্ভাৱৰ বাবে যোৱা মার্চ মাহৰ মধ্য ভাগৰ পৰা সমগ্র বিশ্বত ক্রিকেট তথা আন ক্রীড়া ইভেণ্টসমূহ সম্পূর্ণৰূপে স্তব্ধ হৈ আছে৷ এতিয়া অধিকাংশ ক্রিকেট ব’র্ডে পৰিস্থিতি কিছু স্বাভাৱিক হোৱালৈ অপেক্ষা কৰিছে আৰু খালী ষ্টেডিয়ামত ক্রিকেট পুনৰ আৰম্ভ কৰাৰ চিন্তা–চর্চা কৰিছে৷ অহা ছেপ্ঢেম্বৰ–ক্টোবৰত্ অষ্ট্রেলিয়াত অনুষ্ঠিত হ’বলগীয়া টি–২০ বিশ্বকাপো খালী ষ্টেডিয়ামত দর্শক অবিহনে আই চি চিয়ে আয়োজনৰ পৰিকল্পনা কৰা বুলি চর্চা অব্যাহত আছে৷ এনে সময়তে টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিৰ এই মন্তব্যই বিশেষ তাৎপর্য বহন কৰিছে৷ তেওঁ আজি এই কথাও প্রকাশ কৰে যে খালী ষ্টেডিয়ামত মেচ হ’লে দর্শকেৰে ভৰা ষ্টেডিয়ামত খেলুৱৈ এগৰাকীয়ে অনুভৱ কৰা যাদুকৰী মুহূর্তসমূহৰ পৰা সকলো বঞ্চিত হ’ব৷ পৰৱর্তী কিছু বছৰলৈ ষ্টেডিয়ামত খেলুৱৈয়ে এইধৰণৰ মুহূর্ত দেখিবলৈ পোৱাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ উল্লেখ্য যে বেন ষ্টকছ, জেছন ৰয়, জছ বাটলাৰ আদিৰ দৰে ক্রিকেটাৰে খালী ষ্টেডিয়ামত মেচ আয়োজনৰ চিন্তা–চর্চাক সমর্থন কৰিছে