নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অলিম্পিকৰ পূর্বে কোনো ইভেণ্ট নহ’লে প্রত্যাহ্বানৰ সন্মুখীন হ’ব নিৰজ চোপ্রা

নিয়মীয়া বাৰ্তা ৯ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে অহা বছৰলৈ স্থগিত হোৱা টকি’ অলিম্পিকৰ পূর্বে অনুশীলনৰ বাবে কোনো ইভেণ্ট অনুষ্ঠিত নহ’লে এথলীটসকল বৃহৎ প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ দীর্ঘদিন ধৰি আন্তঃৰাষ্ট্রীয় ইভেণ্টৰ পৰা আঁতৰি থকাৰ পিছত পোনপটীয়াকৈ অলিম্পিকৰ দৰে মেগা ইভেণ্টত অংশ লোৱাটো সকলো খেলুৱৈৰ বাবে যথেষ্ট কঠিন হ’ব৷ –এই মন্তব্য আগবঢ়াইছে ভাৰতৰ তাৰকা জেভলিন থ্র’ৱাৰ নিৰজ চোপ্রাই৷ চলিত বর্ষৰ জানুৱাৰীত দক্ষিণ আফ্রিকাত অনুষ্ঠিত অলিম্পিক কোৱালিফায়িং ইভেণ্টত চমকপ্রদ প্রদর্শনেৰে টকি’ অলিম্পিকলৈ যোগ্যতা অর্জন কৰা ২২ বছৰীয়া প্রতিভাৱান এথলীটগৰাকীয়ে আজি কয় যে যোৱা মার্চ মাহৰ পৰা তেওঁ পাটিয়ালাস্থিত নেচনেল ইনষ্টিটিউড অৱ স্প’টছত লকডাউন হৈ আছে৷ নিয়মীয়া অনুশীলন আৰম্ভ হোৱালৈ তেওঁ এতিয়া অধীৰ অপেক্ষাৰে বাট চাইছে৷ ‘দুমাহৰো অধিক সময় অনুশীলনৰ পৰা আঁতৰি থাকি অস্বস্তিবোধ কৰিছোঁ৷ কিন্তু গোলকীয় মহামাৰীৰ ওপৰত যিহেতু আমাৰ কোনো নিয়ন্ত্রণ নাই, গতিকে সাৱধানতা অৱলম্বন কৰাই আমাৰ প্রধান কর্তব্য৷ মই যোৱা জানুৱাৰীত দক্ষিণ আফ্রিকাত এখন প্রতিযোগিতাত অংশ লৈ অলিম্পিকলৈ যোগ্যতা অর্জন কৰিছিলোঁ৷ ইয়াৰ পিছতে মই কঠোৰ অনুশীলনেৰে অলিম্পিকৰ বাবে সাজু হোৱাৰ লক্ষ্য স্থিৰ কৰিছিলোঁ৷ কিন্তু সাম্প্রতিক পৰিস্থিতিৰ বাবে অলিম্পিক পিছুৱাবলগীয়া হ’ল আৰু আমাৰ অনুশীলনো বন্ধ হ’ল৷ আশা কৰিছোঁ শীঘ্রে পৰিস্থিতি স্বাভাৱিক হ’ব আৰু নিয়মীয়া অনুশীলন আৰম্ভ কৰিব পাৰিম৷ অলিম্পিকৰ পূর্বে এখন বা দুখন ইভেণ্টত অংশ লোৱাৰ সুযোগ পাম বুলিও আশা কৰিছোঁ৷ অন্যথা টকি’ত আমি অত্যন্ত প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷’ হাৰিয়ানাৰ ২২ বছৰীয়া এথলীট নিৰজ চোপ্রাই এইদৰে কয়৷

You might also like