নিয়মীয়া বাৰ্তা ৯ মেঃ বহু চর্চিত ১৯৯২ চনৰ বাবৰি মছজিদ ধ্বংস গোচৰৰ শুনানি তিনি মাহৰ ভিতৰত সম্পূর্ণ কৰিবলৈ নির্দেশ দিলে উচ্চতম ন্যায়ালয়ে৷ আজি সর্বোচ্চ ন্যায়ালয়ে এই গোচৰটোৰ ৰায়ৰ অন্তিম সময় সীমা ৩১ আগষ্ট নির্ধাৰণ কৰি তিনি মাহৰ পূর্বে শুনানি সম্পূর্ণ কৰিবলৈ নির্দেশ দিয়ে৷ উচ্চতম ন্যায়ালয়ে বিশেষ ন্যায়াধীশ এছ কে যাদৱক এই গোচৰৰ শুনানি সম্পূর্ণ কৰি ৩১ আগষ্টত ৰায় প্রদানৰ বাবে সকলো প্রক্রিয়া সমাপন কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে বহু চর্চিত বাবৰি মছজিদ গোচৰত বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানি, এম এম যোশী আৰু উমা ভাৰতী জড়িত হৈ আছে৷ গোচৰটো সন্দর্ভত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰ এফ নৰিমন আৰু সূর্যকান্তে ভিডি’ কনফাৰেঞ্চিংযোগে আজি বিশেষ ন্যায়াধীশ এছ কে যাদৱে শুনানিৰ কার্যকাল বৃদ্ধি কৰাৰ বাবে জনোৱা পত্রৰ শুনানি গ্রহণ কৰি এই নির্দেশ জাৰি কৰে৷ বিশেষ ন্যায়াধীশজনে গোচৰটোৰ শুনানি সম্পন্ন কৰিবলৈ সময়সীমা বৃদ্ধিৰ বাবে যোৱা ৬ মে’ত আবেদন দাখিল কৰিছিল৷ এই আবেদনৰ শুনানি গ্রহণ কৰি বিচাৰপীঠে তিনি মাহৰ ভিতৰত শুনানি সম্পূর্ণ কৰিব লাগে বুলি নির্দেশ দিয়ে৷ তদুপৰি বিচাৰপীঠে অহা ৩১ আগষ্টত এই গোচৰটোৰ চূড়ান্ত ৰায়ৰ দিন নির্ধাৰিত কৰি দিয়ে৷ মন কৰিবলগীয়া যে যোৱা বর্ষৰ ১৯ জুলাইত সর্বোচ্চ ন্যায়ালয়ে বিশেষ ন্যায়াধীশক গোচৰটোৰ শুনানি ৰায় সম্পূর্ণ কৰিবলৈ ৯ মাহৰ সময়সীমা দিছিল৷ এই সময়সীমা চলিত বর্ষৰ এপ্রিল মাহত সামৰণি পৰাৰ পিছতেই বিশেষ ন্যায়াধীশগৰাকীয়ে সর্বোচ্চ ন্যায়ালয়ৰ ওচৰ চাপে৷ বিশেষ ন্যায়াধীশগৰাকীয়ে আবেদনখনৰ এতিয়াও সাক্ষ্য সম্পূর্ণ কৰিব পৰা নাই বুলি উল্লেখ কৰিছিল৷ তাৎপর্যপূর্ণ যে ২০১৭ চনৰ ১৯ এপ্রিলত উচ্চতম ন্যায়ালয়ে এই গোচৰটোৰ পৰা ৰাজস্থানৰ প্রাক্তন ৰাজ্যপাল কল্যাণ সিং, বিজেপি সাংসদ বিনয় কাটিয়াৰ আৰু সাধ্বী ৰীতাম্বৰাক ৰেহাই দিছিল যদিও বিজেপিৰ জ্যেষ্ঠ নেতা আদৱানি, যোশী আৰু উমা ভাৰতী সাঙোৰ খাই আছে৷