নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিতাপেই নহয়, শিক্ষাৰ্থীয়ে স্কুললৈ নিছে পানীৰ বাল্টি আৰু চাবোন

নিয়মীয়া বাৰ্তা, ৯ মেঃ পিঠিত কিতাপৰ বেগ, মুখত মাস্ক পিন্ধি হাতত পানীৰ বাল্টি আৰু চাবোন লৈ স্কুললৈ গৈছে শিক্ষাৰ্থী। বিশ্বজুৰি মহামাৰী ক’ৰোনাৰ আতংকৰ সময়তে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে লক্ষাধিক লোকৰ আৰু এতিয়াও সৰ্বত্ৰ ক’ৰোনাৰ বিৰুদ্ধে যুঁজ অব্যাহত আছে। এনে সময়তে ক’ৰোনাৰ উৎপত্তিস্থল চীনলৈ ক্ৰমান্বয়ে ঘূৰি আহিছে স্বাভাৱিক পৰিস্থিতি। খুলিছে দোকান-পোহাৰ আৰু শিক্ষানুষ্ঠান। সামাজিক দূৰত্ব বৰ্তাই ৰাখি মুখত মাস্ক পিন্ধি স্কুললৈ আহিছে কণ কণ শিক্ষাৰ্থীসকল। স্কুলৰ বেগকে ধৰি সমগ্ৰ শৰীৰ ছেনীটাইজ কৰাৰ পিছতহে শ্ৰেণীকোঠাত সোমাবলৈ দিছে সকলোকে। শ্ৰেণীকোঠাত সামাজিক দূৰত্ব বৰ্তাই ৰাখি কৰা হৈছে পাঠদান।

You might also like