নিয়মীয়া বাৰ্তা, ৯ মে’ : ক’ৰোনা ভাইৰাছৰ আতংক আৰু লকডাউনৰ মাজতে চিৰাং জিলাৰ বনগাঁৱত এজনী নাবালিকাৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । জিলা খনৰ ভূটান সীমান্তৱৰ্তী তথা ৰুণীখাটা থানাৰ অধীনস্থ দাদগিৰী উপ আৰক্ষী চকীৰ অন্তৰ্গত দেওশ্ৰীৰ গনেশপুৰ নামৰ বনগাঁওত মানৱ সমাজক লজ্জানত কৰা এই নিকৃষ্ট ঘটনা সংঘটিত হৈছে ।
ঘটনাৰ বিৱৰণী মতে গনেশপুৰ বনগাঁৱৰ আনুমানিক ৯/১০ বছৰীয়া নাবালিকা গৰাকী বৃহস্পতিবাৰে নিশা ৮ মান বজাত শুই থকা অৱস্থাতে বাসগৃহৰ পৰা নিৰুদিষ্ট হয়। নাবালিকা গৰাকী হঠাতে অন্তৰ্ধান হোৱাত মাহীমাকে ওচৰে-পাজৰে বিচাৰে যদিও নিশা কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল । শুকুৰবাৰে দিনৰ ভাগত চুবুৰীয়াৰ সৈতে বিভিন্ন ঠাইত নাবালিকা গৰাকীৰ সন্ধান কৰি ব্যৰ্থ হৈ পাছত দাদগিৰী উপ আৰক্ষী চকীত এজাৰ দাখিল কৰে । শনিবাৰে ঘৰৰ নিচেই কাষৰ জংঘলত পুৱা প্ৰায় দহ বজাত আশ্চৰ্যজনক ভাবে নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । যি অৱস্থাত নাবালিকা গৰাকীৰ মৃতদেহটো উদ্ধাৰ হৈছে তাক প্ৰত্যক্ষ কৰি কণমানি জনীক যৌন নিৰ্যাতন চলাই হত্যা কৰা হৈছে বুলি স্থানীয় বাসিন্দা সকলৰ লগতে ছাত্ৰ সংগঠনৰ নেতা সকলে সন্দেহ প্ৰকাশ কৰে ।
উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত তাইৰ মাহীমাক ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি কোনো অচিনাক্ত দুৰ্বৃত্তই তাইক ঘৰৰ পৰা অপহৰণ কৰিছিল । শুকুৰবাৰে দিনৰ ভাগত নাবালিকা গৰাকীক বিচাৰি চলাথ কৰা ঠাইতে শনিবাৰে আশ্চৰ্যজনকভাৱে মৃতদেহ উদ্ধাৰ হোৱা কাৰ্যই নাবালিকা গৰাকীক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে বুলি অঞ্চলবাসী নিশ্চিত হৈছে । চিৰাং জিলা সমিতি আক্ৰাছুৰ সভাপতি প্ৰাঞ্জল চৌধুৰী, জিলা চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চলেমান মুৰ্মুই এই জঘন্য ঘটনাক তীব্ৰ নিন্দা কৰাৰ লগতে উক্ত কাণ্ড সংঘটিত কৰা দোষীক অতিশীঘ্ৰে আটক কৰি ফাঁচী দিয়াৰ দাবী জনাইছে । নাবালিকাগৰাকীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰি প্ৰথমে দাদগিৰী উপ আৰক্ষী চকী আৰু ৰুণীখাটা থানাৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় । পছত দুপৰীয়াৰ ভাগত চিৰাঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতি, উপ আৰক্ষী অধীক্ষক (সদৰ) প্ৰতাপ দাস সহ এটা বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । পিছত দণ্ডাধীশৰ উপস্থিতিত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে । আৰক্ষীয়ে অপৰাধীৰ সন্ধান কৰিবলৈ প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায় লয় ।
আৰক্ষীয়ে তদন্ত আৰু অপৰাধীৰ সন্ধান তীব্ৰ কৰি তুলিছে । আজিৰ এই ঘটনা সন্দৰ্ভত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি কয় যে ‘আমি তদন্ত আৰম্ভ কৰিছোঁ। এই মুহূৰ্তত সকলো স্পষ্টকৈ কোৱাটো উচিত নহ’ব । আমি ইতিমধ্যে কিশোৰী গৰাকীৰ মৃতদেহ দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএছ বি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছোঁ । মৰণোত্তৰ পৰীক্ষাৰ ফলাফল প্ৰকাশ হোৱাৰ পিছত আমি বাকী কথা কব পাৰিম ।’ উল্লেখ্য যে হত্যাৰ বলি হোৱা নাবালিকা গৰাকীৰ পিতৃৃ-মাতৃ কোকৰাঝাৰত থকাৰ বিপৰীতে নাবালিকা গৰাকী মাহীমাকৰ দুই সন্তানৰ সৈতে চিৰাঙৰ দেওশ্ৰীৰ গনেশপুৰত আছিল ।