নিয়মীয়া বাৰ্তা, ৯ মেঃ তৃতীয় পৰ্যায়ৰ লকডাউন অব্যাহত থকাৰ সময়তে বন বিভাগৰ বৈধ নথি-পত্ৰ নথকাকৈ চাউল বোজাই ট্ৰাক বুলি চালান কাটি ১ নং এছিয়ান হাইৱে’দি চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰলৈ ট্ৰাকে ট্ৰাকে অবৈধ বালি সৰবৰাহৰ এক ঘটনা বোকাজান আৰক্ষীৰ তৎপৰতাত পোহৰলৈ আহিছে ।
আজি দিনৰ ভাগত কাৰ্বি-আংলং জিলাৰ শিলনীজান কয়লা মাটিৰ দিশৰ পৰা অহা ৫ খনকৈ বালিভৰ্তি ট্ৰাক ৰাষ্ট্ৰীয় ঘাই পথটোৰে ডিমাপুৰ অভিমুখে আহি থকা অৱস্থাত বোকাজান থানাৰ নাতিদূৰৈত জ্যেষ্ঠ আৰক্ষী বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়াৰ অনুসন্ধানত ধৰা পৰে । ৰহস্যজনক কথাটো হ’ল যে ট্ৰাককেইখন সম্পূৰ্ণ ট্ৰিপালেৰে ঢাকি অনাৰ লগতে চাউলভৰ্তি ট্ৰাক বুলি ভুৱা চালান কাটি আৰক্ষীক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰাৰ লগতে সাৰি যোৱাৰ কৌশল ৰচনা কৰিছিল ।
উল্লেখ্য যে পূৰ্বতেও একাংশ বালি মাফিয়াই এইদৰে ভুৱা চালানেৰে বালি সৰবৰাহ কৰাৰ সন্দেহ কৰা হৈছে । অসমৰ পৰা বালি সৰবৰাহ কৰি ডিমাপুৰত অধিক দামত বিক্ৰী কৰি মুনাফা লুটি আহিছে এই বালি মাফিয়া চক্ৰটোৱে ।
লক্ষণীয় কথা যে ৰাষ্ট্ৰীয় ঘাই পথটোৰ কাষত বোকাজান আৰু খটখটীত দুটাকৈ বন বিভাগৰ কাৰ্যালয় থকাৰ পাছতো কি কাৰণত এনেদৰে অবৈধ বালি সৰবৰাহ সম্ভৱ হৈছে সেয়াও ৰহস্যৰ আৱৰ্তত ।
আজি বোকাজান আৰক্ষীয়ে NL07-A-1633, NL 07 A 1120, NL 07 A 0393, NL 07-8A 6190 , BR55G 1321 নম্বৰৰবালি ভৰ্তি ট্ৰাককেইখন জব্দ কৰি জৰিমনা আদায় কৰি চৰকাৰৰ ঘৰত সেই টকা জমা দিয়ে ।
লকডাউনৰ সময়ছোৱাত ৰাষ্ট্ৰীয় পথ অথবা চৰকাৰী কোনো কাম-কাজৰ বাবে ঠিকাদাৰে বালি অনাৰ অনুমতি প্ৰদান কৰা আছে যদিও ইয়াৰে আলম লৈ একাংশ বালি মাফিয়াই ভুৱা চালানেৰে বহিঃ ৰাজ্যলৈ বালি সৰবৰাহ কৰি আহিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে ।