নিয়মীয়া বাৰ্তা, ১০ মে’ : গুৱাহাটী মহানগৰীত ক’ভিড–১৯ত আক্রান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে যদিও মহানগৰীখনক ৰেড জ’ন বা অ’ৰেঞ্জ জ’ন হিচাপে ঘোষণা কৰা নহয় ৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৷ ড০ শর্মাই কয় যে জনসাধাৰণৰ জীৱনযাত্রা ব্যাহত কৰি সমগ্র জিলা এখনক ৰেড জ’ন, অ’ৰেঞ্জ জ’ন হিচাপে ঘোষণা কৰা নহয় ৷ যি অঞ্চলত ক’ৰোনা পজিটিভ ওলায়, সেই অঞ্চলক কনটেইনমেণ্ট জ’ন, বাফাৰ জ’ন হিচাপেহে ঘোষণা কৰিব ৷ মন্ত্রী ড০ শর্মাৰ সেই ভাষ্যৰ লগে লগে গুৱাহাটী মহানগৰী সদ্যহতে ৰেড জ’ন, অ’ৰেঞ্জ জ’ন হিচাপে ঘোষিত নোহোৱাটো স্পষ্ট হৈ পৰিল ৷ কাৰণ ৰেড জ’ন, অ’ৰেঞ্জ জ’ন হিচাপে ঘোষণা হোৱাৰ লগে লগে সমগ্র জিলাখনতেই স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰিব ৷ কিন্তু ক’ৰোনা পজিটিভ ওলোৱা অঞ্চলক কনটেইনমেণ্ট জ’ন বা বাফাৰ জ’ন হিচাপে ঘোষণা কৰি সংশ্লিষ্ট অঞ্চলত জনসাধাৰণৰ প্রৱেশ–প্রস্থান সম্পূর্ণৰূপে নিষিদ্ধ কৰা হ’ব ৷
কনটেইনমেণ্ট জ’ন বা বাফাৰ জ’ন বাহাল থকা সময়লৈ সংশ্লিষ্ট অঞ্চলৰ পৰা কোনো লোক যিদৰে বাহিৰলৈ ওলাই আহিব নোৱাৰিব, একেদৰে সেই অঞ্চললৈ আন কোনো লোক আহিবও নোৱাৰিব ৷ কঠোৰভাৱে সেই নিষেধাজ্ঞা বলৱৎ হ’ব ৷ মন কৰিবলগীয়া এয়ে যে গুৱাহাটী মহানগৰীৰ জু–ৰোডৰ স্পেনিছ গার্ডেন নিৱাসী মনীষ তিবৰেৱাল ক’ভিড–১৯ত আক্রান্ত হৈ সুস্থ হোৱাৰ পাছত যোৱা দুটা দিনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী দন্ত চিকিৎসালয় আৰু বি বৰুৱা কেঞ্চাৰ হাস্পতালত ৫জনকৈ লোকৰ দেহত ক’ভিড–১৯ চিনাক্ত হৈছে ৷ ইয়াৰ লগে লগে ৰাইজৰ মাজত তীব্র শংকা আৰু আতংক সৃষ্টি হৈছে৷ বিশেষকৈ গুৱাহাটী মহানগৰীত ক’ভিড–১৯ৰ উৎস উদ্ধাৰ নোহোৱাটো অধিক উদ্বেগৰ বিষয় হৈ পৰিছে ৷ এনে পৰিস্থিতিৰ পৰিপ্রেক্ষিতত গ্রীন জ’ন হিচাপে চিহ্নিত গুৱাহাটী মহানগৰী ৰেড জ’ন বা অ’ৰেঞ্জ জ’নত অন্তর্ভুক্ত হ’ব নেকি, তাক লৈও ৰাইজৰ মাজত ব্যাপক চর্চা চলি আহিছে ৷ এনে অৱস্থাৰ মাজতে স্বাস্থ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী মহানগৰীক ৰেড জ’ন বা অ’ৰেঞ্জ জ’ন হিচাপে চিহ্নিত কৰি জনসাধাৰণৰ জীৱনযাত্রা ব্যাহত কৰা নহয় বুলি স্পষ্ট কৰি দিয়ে ৷ অৱশ্যে ৰাইজক সম্পূর্ণ সতর্কতা আৰু সাৱধানতা অৱলম্বন কৰাৰ বাবে তেওঁ আহ্বান জনায় ৷ নহ’লে মহানগৰীত ক’ভিড–১৯ৰ সংক্রমণ ভয়াৱহ হ’ব বুলি সতর্ক কৰি তেওঁ কয় যে ৰাইজে প্রতিমুহূর্ততে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব ৰক্ষা কৰি চলাটো বাধ্যতামূলক ৷