বাংলাদেশত দুই হিন্দু ব্যৱসায়ীক হত্যাঃ মন্দিৰ–ব্যৱসায়িক প্রতিষ্ঠানত অগ্নিসংযোগ
নিয়মীয়া বাৰ্তা, ১০ মে’ : মহামাৰীৰ সংক্রমণত সমগ্র বিশ্ব ত্রস্তমান হৈ থকা সময়ত চুবুৰীয়া দেশ বাংলাদেশত ধর্মীয় সংখ্যালঘুৰ ওপৰত চলা নির্যাতনে ভয়াৱহ ৰূপ লৈছে ৷ ক’ৰোনা প্রতিৰোধৰ বাবে বাংলাদেশতো লকডাউন বলৱৎ হৈ আছে যদিও তাৰ মাজতে ধাৰাবাহিক নির্যাতনৰ সন্মুখীন হৈছে দেশখনৰ হিন্দু নাগৰিকসকল ৷ বিশ্ব হিন্দু পৰিষদৰ বাংলাদেশ শাখাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ সংগঠনটোৰ বাংলাদেশ শাখাৰ সাধাৰণ সম্পাদক দীপন মিত্রই হিন্দু নির্যাতনৰ সবিশেষ তথ্য সদৰী কৰি কয় যে বিগত এপ্রিল মাহৰ ভিতৰতে বাংলাদেশত হিন্দুসকলৰ ওপৰত অমানৱীয় নির্যাতন চলোৱা হৈছে ৷ কেৱল এটা মাহত দুজনকৈ হিন্দু ব্যৱসায়ীক নৃশংসভাৱে হত্যা কৰা হৈছে ৷ দুটা মন্দিৰৰ লগতে ১২খনকৈ ব্যৱসায়িক প্রতিষ্ঠান মৌলবাদী দুর্বৃত্তই জ্বলাই দিছে ৷ হিন্দু পৰিয়ালৰ ৩০৭ একৰ ভূমি বেদখল কৰাৰ লগতে ২১টাকৈ হিন্দু পৰিয়ালক নিজৰ ভূমিৰ পৰা উচ্ছেদ কৰা হৈছে ৷ আনকি ১৪টাকৈ পৰিয়ালে এনে নির্যাতনৰ ফলত দেশ এৰিবলৈ বাধ্য হৈছে ৷ হিন্দু পৰিয়ালৰ ৪গৰাকী যুৱতীক দুর্বৃত্তই অপহৰণ কৰিছে ৷ ধর্ষণৰ বলি হৈছে ৬ মহিলা–যুৱতী ৷
আনহাতে, ৩গৰাকী হিন্দু যুৱতীক ধর্মান্তৰিত কৰা হৈছে ৷ বাংলাদেশত হিন্দু নাগৰিকসকলৰ বিৰুদ্ধে চলি থকা এনে অমানৱীয় নির্যাতনৰ সবিশেষ খতিয়ানো দাঙি ধৰে দীপন মিত্রই ৷ তেওঁ কয় যে বাংলাদেশৰ পটুৱাখালী জিলাৰ মহিপুৰ আৰক্ষী থানাৰ অন্তর্গত পুৰাণ মহিপুৰত বাস কৰিছিল নাৰায়ণ সৰকাৰৰ পৰিয়ালে ৷ কিন্তু স্থানীয় ৰহমান মিৰ ফাৰুক নামৰ এজন লোকে ৪ এপ্রিলত তেওঁৰ ভূ–সম্পতি কাঢ়ি লয় ৷ এই ঘটনাৰ দুদিন পাছতে অর্থাৎ ৬ এপ্রিলৰ দিনা ডোছোৰ জিলাত ৫০টা হিন্দু পৰিয়ালৰ প্রায় ১০০ বিঘা মাটি ইছাক আলী নামৰ এটা দুর্বৃত্তই দখল কৰে ৷ ৭ এপ্রিলৰ দিনা পটুৱাখালিত পুনৰ জ্বলাই দিয়ে হিন্দু ধর্মাৱলম্বী লোকে উপাসনা কৰা এটা মন্দিৰ ৷ ৯ এপ্রিলত পুনৰ ব’গ্রা জিলাৰ শিৱগঞ্জত থকা এটা মন্দিৰৰ ৰাধা–গোবিন্দ আৰু লক্ষ্মীৰ মূর্তি লণ্ডভণ্ড কৰে ৷ ১৪ এপ্রিলত স্থানীয় দুর্বৃত্তই দীপক কুমাৰ ৰাহা নামৰ হিন্দু ধর্মাৱলম্বী এজন শিক্ষকক নৃশংসভাৱে হত্যা কৰে আৰু তেওঁলোকৰ পৰিলায়টোক নিজৰ ঘৰৰ পৰা উচ্ছেদ কৰে ৷
১৫ এপ্রিলত নিলফামাৰি জিলাৰ ধনেশ্বৰ ৰয় নামৰ লোকজনৰ জীয়ৰী প্রতিমা ৰাণীক বলপূর্বকভাৱে অপহৰণ কৰি ইছলাম ধর্মলৈ ধর্মান্তৰিত কৰে ৷ এনেদৰে একাংশ মৌলবাদীৰ নির্যাতনৰ বাবেই ৰাজশাহী জিলাৰ নিমাই সৰকাৰৰ ১৪ বছৰীয়া জীয়ৰী আইমী সৰকাৰে আত্মহত্যা কৰিবলৈ বাধ্য হয় ৷ খুলনা জিলাত স্থানীয় অপৰাধীয়ে ২৩ এপ্রিলত হত্যা কৰে সুব্রত মণ্ডল নামৰ ৩০ বছৰীয়া ব্যৱসায়ীজনক ৷ দিনজাপুৰত থকা দুর্গা মন্দিৰটোও দুর্বৃত্তই ধ্বংস কৰি থৈ যায় ৷ নৃশংসতাৰ সকলো সীমা চেৰাই বাগেৰহাট জিলাত এটা হিন্দু পৰিয়ালক উচ্ছেদ কৰে আৰু দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত হয় এগৰাকী গর্ভৱতী মহিলা ৷ আক্রমণকাৰী এই দুর্বৃত্তসকলৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্রহণৰ পৰা বিৰত আছে বাংলাদেশৰ আৰক্ষী প্রশাসন ৷ আনকি ভুৱা অভিযোগৰ ভিত্তিত পৰিতোষ সৰকাৰ নামৰ এজন কলেজীয়া ছাত্রকহে আৰক্ষীয়ে গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণ কৰিছে ৷ এয়া মাত্র কেইটামান উদাহৰণহে ৷ বাংলাদেশত প্রতিদিনে হিন্দু নাগৰিকসকল মুখামুখি হৈছে অবর্ণনীয় নির্যাতনৰ ৷ নিৰন্তৰ ভাবুকিৰ সন্মুখীন হৈ নিদ্রাহীন নিশা পাৰ কৰিছে হিন্দু পৰিয়ালসমূহে ৷ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণে সমগ্র বিশ্বত জৰুৰীকালীন পৰিস্থিতি সৃষ্টি কৰাৰ সময়ত বাংলাদেশত ইছলামিক মৌলবাদীৰ এনে আগ্রাসন স্বাভাৱিকতে এক চিন্তাৰ বিষয় হৈ পৰিছে ৷