নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ ৰাষ্ট্রপতি, উপ–ৰাষ্ট্রপতিৰ কন্যাৰ ব্যক্তিগত সহায়কাৰী ক’ভিড–১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ১০ মে’ : মহামাৰী ক’ভিড–১৯ৰ সংহাৰ বিশ্বব্যাপী অব্যাহত আছে ৷ এই মহামাৰী ভাইৰাছত সর্বাধিক আক্রান্ত আমেৰিকা যুক্তৰাষ্ট্রত চলি আছে মৃত্যুৰ কিৰীলি ৷ ১৩ লক্ষাধিক আক্রান্ত আৰু ৮০ সহস্রাধিক লোকে প্রাণ হেৰুওৱা আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ভৱন হোৱাইট হাউছতো ক’ভিড–১৯এ শংকাময় পৰিৱেশ সৃষ্টি কৰিছে ৷ ক’ভিড–১৯ৰ নির্দেশনা মাস্ক পৰিধান আৰু সামাজিক দূৰত্বক ভেঙুচালি কৰি থকা ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ হোৱাইট হাউছত ক’ভিড–১৯ৰ শংকা ৷ উপ–ৰাষ্ট্রপতি মাইক পেন্সৰ ব্যক্তিগত সহকাৰী এজন ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছত এইবাৰ ৰাষ্ট্রপতিৰ কন্যা ইভানকা ট্রাম্পৰ ব্যক্তিগত সহকাৰীৰ দেহত ক’ভিড–১৯ নিশ্চিত হৈছে ৷ দুগৰাকীকৈ ব্যক্তিৰ দেহত ক’ভিড–১৯ নিশ্চিত হোৱাৰ পাছত হোৱাইট হাউছত এতিয়া মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বর্তাই ৰখাটো প্রত্যক্ষ কৰা হৈছে ৷

ৰাষ্ট্রপতি ট্রাম্পে ইতিমধ্যে দুবাৰকৈ ক’ভিড–১৯ৰ পৰীক্ষণ কৰাৰ পাছত প্রতিদিনে ক’ভিড–১৯ পৰীক্ষণ কৰিব বুলি ঘোষণা কৰিছে ৷ ইপিনে আমেৰিকা আৰু ইউৰোপৰ পাছত ক’ভিড–১৯ৰ হটস্পট হিচাপে চিহ্ণিত হৈছে ৰাছিয়া ৷ দেশখনত বিগত ৬ দিন ধৰি ১০ সহস্রাধিক লোক আক্রান্ত হোৱাৰ পাছত যোৱা ২৪ ঘণ্টাতো পুনৰ ১০,৮১৭ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে ৷ ৫.২ নিযুত লোকৰ ক’ভিড–১৯ পৰীক্ষণ কৰাৰ অন্তত দেশখনত প্রায় ২ লাখ লোকৰ দেহত মহামাৰী ভাইৰাছ নিশ্চিত হৈছে ৷ আক্রান্তৰ সংখ্যাৰে বিশ্বৰ পঞ্চম স্থানত থকা ৰাছিয়াত অৱশ্যে আন দেশৰ তুলনাত মৃতকৰ হাৰ এতিয়াও নিম্ন হৈয়ে আছে ৷ বিশ্বৰ সর্বাধিক আক্রান্ত আৰু মৃতকৰ তালিকাত আমেৰিকা শীর্ষত থকাৰ বিপৰীতে স্পেইন, ইটালী, গ্রেট ব্রিটেইন আৰু ফ্রান্সে তালিকাত স্থান লাভ কৰিছে ৷ জার্মানী, ব্রাজিল, তুৰস্ক, ইৰানত আক্রান্তৰ সংখ্যাই লক্ষাধিক অতিক্রম কৰিছে ৷ ব্রাজিলত ১০ সহস্রাধিক লোকে প্রাণ হেৰুৱাইছে৷ দেশখনত ক’ৰোনাৰ সংক্রমণ ভয়াৱহ গতিত আগবাঢ়িছে৷ ইৰান, মেক্সিকো, পেৰু, কানাডা, বেলজিয়াম, নেদাৰলেণ্ড আদি দেশতো মহামাৰী ভাইৰাছৰ সংক্রমণ তীব্র হৈয়ে আছে ৷ মুঠ ২১২খন দেশত সংক্রমিত হোৱা ক’ভিড–১৯ত আক্রান্তৰ সংখ্যা ৪০ লক্ষাধিক আৰু মৃতকৰ সংখ্যা ২.৭৬ লক্ষাধিক ৷ মন কৰিবলগীয়া যে ক’ভিড–১৯ৰ পৰা সুস্থ হৈছে ১৪ লক্ষাধিক লোক ৷

You might also like