ঐতিহ্যমণ্ডিত পিঙ্গলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়ত পুৰোহিত সকলক মাক্স , খাদ্য সামগ্ৰী প্ৰদান
নিয়মীয়া বাৰ্তা ১১মেঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশৰ লগতে অসমতো কিছু শিথিলতাৰ মাজত তৃতীয় পৰ্যায়ৰ লক ডাউন চলি আছে।এই লক ডাউনৰ সময়ত মঠ মন্দিৰ সমূহত কিছু পৰিমাণে সংকটৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে।যাৰ ফলত পুৰোহিত সমাজৰো যথেষ্ট আৰ্থিক সমস্যাই দেখা দিছে। সেয়েহে কিছু সকাহ দিয়াৰ উদ্দেশ্য কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত পিঙ্গলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়ত সমষ্টিটোৰ বিশিষ্ট সমাজকৰ্মী তথা বিজেপিৰ জেষ্ঠ নেতা লক্ষী গোস্বামী,বজৰংদলৰ প্ৰাক্তন প্ৰান্তীয় সহ সংযোজক ধ্ৰুৱজ্যোতি কলিতা আৰু যুৱ ব্যৱসায়ী প্ৰাণজ্যেতি শৰ্মাৰ প্ৰচেষ্টাত আজি দেৱালয় খনত উপস্থিত হৈ পুৰোহিত সকলক খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে দেৱালয় খনত থকা ৰাজ হাঁহৰ খাদ্য প্ৰদান কৰে। দেৱালয় খনত আজি মহানুভৱতাৰ পৰিচয় দাঙি ধৰা ব্যক্তি গৰাকীক শলাগ লয় ধৰ্মপ্ৰাণ ৰাইজে।