নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰতিখন জিলাৰ উপায়ুক্তৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে লকডাউনৰ সন্দৰ্ভত পৰ্যালোচনা সৰ্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ১৬ মে’ :  শনিবাৰে অসমৰ জিলাসমূহৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে গুৱাহাটীত অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজত সকলো বিষয়াৰে অনবদ্য ভূমিকাৰ শলাগ লয়। লগতে, এই মহামাৰীৰ মোকাবিলা কৰিবলৈ পৰৱৰ্তী প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

সকলো কাম নিয়াৰিকৈ আগবঢ়াই নিয়াৰ বাবে জিলাসমূহৰ দায়িত্ববাহী মন্ত্ৰী, সাংসদ আৰু স্থানীয় বিধায়কসকলৰ লগত সহযোগিতাৰে কাম কৰি যাবলৈ বিষয়ববীয়াক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

তদুপৰি, সামাজিক দূৰত্ব আৰু লকডাউনৰ নীতি-নিয়মবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত এন চি চি আৰু এন এছ এছ-ৰ স্বেচ্ছাসেৱকসকলক নিয়োজিত কৰিবলৈও তেখেতে নিৰ্দেশ প্ৰদান কৰে।

“মানুহে মানুহৰ বাবে”- এই সাৰমৰ্ম অনুধাৱন কৰি পঞ্চায়তৰ সভাপতি, গাঁওবুঢ়া, গাঁওৰক্ষী বাহিনী আদিৰ সৈতে সন্মিলিত প্ৰচেষ্টাৰে কাম কৰি যোৱাৰ লগতে অসমৰ বাহিৰৰপৰা ৰাজ্যখনলৈ উভতি অহা লোকসকল যাতে কোনো কাৰণতে হাৰাশাস্তিৰ সন্মুখীন নহয়, সেয়া নিশ্চিত কৰিবলৈও বিষয়াসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

তদুপৰি, যুদ্ধকালীন তৎপৰতাৰে মথাউৰি আদিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ক’ভিড-১৯ ৰ কামত ব্যস্ত নথকা অন্য বিভাগৰ লোকসকলকো নিয়োজিত কৰিবলৈ বিষয়াবৰ্গক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে।

You might also like