নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্ভাব্য গণসংক্রমণৰ মুখামুখি হ’বলৈ ভাৰতে গ্রহণ কৰিব লাগিব বিশেষ ব্যৱস্থা

নিয়মীয়া বাৰ্তা, ১৬ মে’ :  ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ ভাৰতত যি ৰূপত বৃদ্ধি পাইছে, তাৰ আধাৰত গণসংক্রমণৰ বাবে সাজু হ’ব লাগিব ভাৰত ৷ সম্ভাব্য গণসংক্রমণৰ মুখামুখি হ’বলৈ ভাৰতে ল’ব লাগিব বিশেষ ব্যৱস্থা ৷  এই কথা প্রকাশ পাইছে এক স্বাস্থ্য সমীক্ষাত ৷ কিছুসংখ্যক বিশেষজ্ঞই এই মন্তব্য কৰিছে যে ভাৰত ইতিমধ্যে সামাজিক সংক্রমণ অর্থাৎ তৃতীয় পর্যায়ত ভৰি দিছে ৷ অৱশ্যে এই কথা কেইদিনমান পূর্বে অস্বীকাৰ কৰিছিল কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে ৷ এইমছৰ কাৰ্ডিঅ’লজী বিভাগৰ প্রাক্তন মুৰব্বী তথা পাব্লিক হেল্থ ফাউণ্ডেচন অৱ ইণ্ডিয়াৰ সভাপতি প্রফেছাৰ কে শ্রীকান্ত ৰেড্ডীয়ে কয় যে জনবহুল চহৰসমূহত সর্বাধিক ক’ৰোনাৰ সংক্রমণ সংঘটিত হৈছে ৷ গতিকে এনে অঞ্চলসমূহত সংক্রমণ ৰোধ কৰাত প্রশাসন বিশেষভাৱে সফল হ’ব লাগিব৷ বিভিন্ন ৰাজ্যত থকা প্রব্রজিত শ্রমিকসকলে গৃহৰাজ্যলৈ ঘূৰি যোৱাৰ প্রসংগ উল্লেখ কৰি ৰেড্ডীয়ে কয় যে তেওঁলোক নিজে সচেতন হ’ব লাগিব, যাতে তেওঁলোক এই মহামাৰীৰ বলি নহয় আৰু তেওঁলোকৰ পৰাও যাতে আন ব্যক্তিলৈ সংক্রমণ নিবিয়পে ৷ ‘আটাইতকৈ প্রয়োজনীয় বিষয়টো হ’ল গ্রাম্য অঞ্চলসমূহক সুৰক্ষা দিয়া ৷ কিয়নো দেশৰ দুই তৃতীয়াংশ লোক গ্রামাঞ্চলত বাস কৰে৷ তেওঁ আৰু কয়– আমি প্রত্যেকদিনেই সংক্রমণৰ হাৰ হ্রাস কৰাৰ লগতে প্রতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰিব লাগিব ৷

You might also like