আৰক্ষী বিষয়াৰ মহানুভৱতাঃ ১৯ প্রব্রজিত শ্রমিকক গাড়ী ভাৰা কৰি পঠিয়ালে পশ্চিমবংগলৈ
নিয়মীয়া বার্তা, ১৭ মেঃ তিনি দিন ধৰি লঘোনে–ভোকে খোজকাঢ়ি অহা শ্রমিকক ঘগ্রাপাৰ থানাৰ আৰক্ষী বিষয়াই গাড়ী ভাৰা কৰি ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে৷ যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত এজন ঠিকাদাৰৰ তত্ত্বাৱধানত কাম কৰা ১৯জন পুৰুষ–মহিলা শ্রমিক খোজকাঢ়ি নিজ গৃহ পশ্চিমবংগৰ মালদালৈ ৰাওনা হৈছিল৷ বিগত তিনি দিন ধৰি অনাহাৰে–নিদ্রাই খোজকাঢ়ি আহি থকা অৱস্থাত শনিবাৰে দিনৰ ১২ মান বজাত নলবাৰী আৰু কামৰূপ জিলাৰ সীমাত ৩১নং ৰাষ্ট্রীয় ঘাইপথৰ বিলপাৰত তেওঁলোকক ৰখাই স্ক্রীনিং কৰাই সোধা–পোছা কৰে৷
শ্রমিকসকলে জানিবলৈ দিয়া মতে এজন ঠিকাদাৰৰ অধীনত যোৰহাটৰ ‘ৰৰৈয়া’ বিমানবন্দৰত কাম কৰিছিল৷ ক’ৰোনা মহামাৰীৰ বাবে কাম–কাজ বন্ধ কৰি ঘৰলৈ যোৱাৰ নির্দেশ দিছিল ঠিকাদাৰজনে৷ কিন্তু তেওঁলোক কেনেকৈ যাব তাৰ ব্যৱস্থা নকৰাৰ উপৰি ঠিকাদাৰজনে ফোনটো বন্ধ কৰি ৰাখে৷
উপায়হীন হৈ অনাহাৰে–নিদ্রাই খোজ কাঢ়ি ঘৰমুৱা হয়৷ ঘগ্রাপাৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে শ্রমিকসকলৰ দুখ–বেদনা সহিব নোৱাৰি চক্র বিষয়া নন্দিতা হাজৰিকাৰ লগত কথা পাতি ‘পুষ্পা’ নামৰ এখন টুৰিষ্ট বাছ ঠিক কৰি শ্রমিককেইজনক ঘৰলৈ যোৱাৰ সুবিধা কৰি দিয়ে৷ আৰক্ষী বিষয়াজনৰ এনে মহানুভতাৰ বাবে ৰাইজে প্রশাংসা কৰাৰ লগতে ঠিকাদাৰজনৰ কাণ্ডক একমুখে ধিক্কাৰ দিয়ে৷