নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত ক’ৰোনা আক্রান্ত চাংসাৰিৰ জোৱান কুমুদ কলিতাৰ ফলাফল আহিল নিগেটিভ

নিয়মীয়া বার্তা, ১৭ মেঃ দেহত ক’ভিড–১৯ ধৰা পৰা দিল্লীত কর্মৰত অসমৰ জোৱান তথা চাংসাৰিৰ আঠিয়াবৈৰ যুৱক কুমুদ কলিতা বর্তমান ক’ৰোনামুক্ত৷ কালি যুৱকজনে স্বাস্থ্য বিভাগৰ পৰা উক্ত সুখবৰটো লাভ কৰে৷ কালি কুমুদ কলিতাৰ শেষৰটো পৰীক্ষাত আহে নিগেটিভ ৰিজাল্ট৷

অৱশ্যে কুমুদ কলিতাৰ লগতে যোৰহাটৰ দেৱজিৎ বৰুৱা আৰু ৰৌতাৰ ৰণবীৰ লিম্বু নামৰ জোৱানজনৰো শেহতীয়া ৰিজাল্ট নিগেটিভ আহিছে৷ ইয়াৰ পাছতে চিকিৎসাধীন কোৱাৰেণ্টাইনৰ পৰা তিনিওজনকে চি আৰ পি এফৰ ৩১নং বেটেলিয়ন শিবিৰলৈ লৈ অহা যদিও বর্তমান তেওঁলোক কেইদিনমানৰ বাবে থাকিব লাগিব আছুতীয়াকৈ৷ ইতিমধ্যে তেওঁলোকৰ বাবে নির্মাণ কৰা হৈছে আছুতীয়া কোঠা৷ দিল্লীৰ পৰা এই কথা প্রকাশ কৰিছে কুমুদ কলিতাই৷

উল্লেখ্য যে মহামাৰী ক’ৰোনাই দিল্লীত কর্মৰত বৰপেটা জিলাৰ ইক্রাম হুছেইন নামৰ কেন্দ্রীয় সুৰক্ষিত বাহিনীৰ উপ–পৰিদর্শকগৰাক্ প্রাণ কাঢ়ি নিয়াৰ পাছত একেটা ইউনিটৰে আন এগৰাকী জোৱান কুমুদ কলিতাকে ধৰি পৰৱর্তী পর্যায়ত আৰু কেইবাগৰাকী অসমৰ জোৱান ক’ৰোনাত আক্রান্ত হৈছিল৷ এই খবৰে কুমুদ কলিতাৰ চাংসাৰিৰ আঠিয়াবৈৰ ঘৰখনত সৃষ্টি হৈছিল হাহাকাৰ৷

আনকি স্বামীৰ ক’ৰোনা আক্রান্তৰ খবৰৰ পাছতে উৎকণ্ঠাৰে দিন অতিবাহিত কৰিছিল পত্নীৰ লগতে পৰিয়ালৰ লোক৷ কিন্তু কালি ঘৰখনে কুমুদৰ ক’ৰোনাৰ পৰীক্ষাৰ ফলাফল নিগেটিভৰ খবৰ পোৱাৰ পাছতে উৎকণ্ঠাৰ অন্ত পৰে৷

You might also like