পিএম কিষাণ সন্মান নিধিত দুর্নীতি; হিতাধিকাৰীৰ তালিকা পুনৰীক্ষণৰ নির্দেশ মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা, ১৯ মে’: সংহাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ আতংক আৰু লকডাউনে অর্থনীতিত মোক্ষম আঘাত হনাৰ সময়তে ‘প্রধানমন্ত্রী কৃষক সন্মান নিধি’ৰ হিতাধিকাৰী আঁচনিক কেন্দ্র কৰি ৰাজ্যত সংঘটিত বিয়াগোম কেলেংকাৰিৰ অৱশেষত তদন্তৰ আনুষ্ঠানিক নির্দেশ দিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷
ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাক এই তদন্তৰ দায়িত্বভাৰ অর্পণ কৰা হৈছে৷ মুখ্যমন্ত্রী সোণোৱালৰ নির্দেশ অনুসৰি ৰাজ্যৰ বিভিন্ন ঠাইত ‘প্রধানমন্ত্রী কৃষক সন্মান নিধি’ৰ বাবে হিতাধিকাৰীৰ বিসংগতিপূর্ণ তালিকা প্রস্তুতৰ বিষয়টো পুংখানুপুংখভাৱে তদন্ত কৰি ইয়াৰ প্রতিবেদন অতিৰিক্ত মুখ্য সচিব বৰুৱাই এমাহৰ ভিতৰত দাখিল কৰিব লাগিব৷
উল্লেখ্য যে দেশৰ অর্থনীতিৰ প্রতি প্রভূত অৰিহণা আগবঢ়াই অহা কৃষকসকলক আর্থিকভাৱে টনকিয়াল কৰা তথা সকাহ দিয়াৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰে ‘প্রধানমন্ত্রী কৃষক সন্মান নিধি’ শীর্ষক অভিলাষী আঁচনিখন প্রৱর্তন কৰিছে৷ কিন্তু অসমত এই আঁচনিখনৰ হিতাধিকাৰী বাছনিৰ নামত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে নিতৌ৷ প্রকৃত কৃষকৰ পৰিৱর্তে অন্য ব্যক্তিয়ে আঁচনিখনৰ সুফল লাভ কৰাৰ বাতৰিয়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে৷ ইয়াৰ মাজতে সমগ্র বিষয়টোত মুখ্যমন্ত্রী সোণোৱালে পুংখানুংখভাৱে তদন্তৰ নির্দেশ দিয়াটো বিবেচিত হৈছে যথেষ্ট গুৰুত্বপূর্ণৰূপে৷ অভিলাষী আঁচনিখন ৰূপায়ণত হোৱা বিসংগতিৰ অভিযোগ সন্দর্ভত ৰাজ্যখনৰ সকলো জিলাৰ উপায়ুক্তসকলক হিতাধিকাৰীৰ তালিকা–যোগ্যতাৰ শুদ্ধতা, বেংক একাউণ্টৰ বিৱৰণৰ গ্রহণযোগ্যতা আদি বিষয়সমূহ পুনৰীক্ষণৰ বাবেও মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিছে৷
তদুপৰি চক্র বিষয়া, লাটমণ্ডল, গাঁওবুঢ়া আদিৰ জৰিয়তে গাঁওভিত্তিক তালিকাৰ পুনৰীক্ষণ কৰাৰ বাবেও কোৱা হৈছে জিলা উপায়ুক্তসকলক৷ লগতে সন্দেহযুক্ত হিতাধিকাৰীৰ অন্তর্ভুক্ত বাতিলকৰণেৰে গ্রহণযোগ্য বেংক একাউণ্টাসহ ক্ষুদ্ধ তালিকা প্রস্তুত নোহোৱা পর্যন্ত আঁচনিৰ ধন আগলৈ মোকলাই নিদিবলৈ জিলা উপায়ুক্তসকলক মুখ্যমন্ত্রী সোণোৱালে নির্দেশ দিছে৷