নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ প্ৰথমটো ভেকচিনৰ সফল পৰীক্ষণ আমেৰিকাৰ

নিয়মীয়া বাৰ্তা ১৯ মেঃ বিশ্বৰ বিভিন্ন দেশত ক’ৰোনাৰ ভেকচিনক লৈ গৱেষণা চলি থকাৰ মাজতে আমেৰিকাত ক’ৰোনা ভেকচিনৰ প্ৰথমটো পৰীক্ষণ সফলতাৰে সম্পন্ন হোৱা বুলি দাবী কৰিছে মডেৰেনা নামৰ ঔষধ বনোৱা কোম্পানীটোৱে।
আমেৰিকাৰ কোম্পানীটোৱে জানিবলৈ দিয়ে যে আঠজন লোকক ক’ৰোনাৰ ভেকচিন দিয়া হৈছিল আৰু ফলাফল যথেষ্ট ভাল হৈছে। আমেৰিকাত এইয়াই প্ৰথম ক’ৰোনাৰ ভেকচিন পৰীক্ষণ। নিউয়ৰ্ক টামইচৰ মতে আমেৰিকাত প্ৰথমটো ভেকচিন যি মানৱ শৰীৰত প্ৰদান কৰা হৈছে। যোৱা মাৰ্চ মাহৰ আৰম্ভণিতে আঠ জন লোকৰ দেহত এই ভেকচিন প্ৰয়োগ কৰা হৈছিল। প্ৰত্যেকজন লোকক ভেকচিনৰ পৰিমাণ দুবাৰকৈ দিয়া হৈছিল।
ঔষধ বনোৱা কোম্পানীটোৱে দাবী কৰিছে যে ভেকচিনটো সুৰক্ষিত আৰু ভাইৰাছটোৰ বিৰুদ্ধে শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিব পাৰে। মডেৰেনা নামৰ কোম্পানীটোৱে কয় যে দ্বিতীয়টো পৰীক্ষণ ৬০০ জন লোকৰ ওপৰত কৰা হ’ব আৰু লগতে জুলাই মাহত ভেকচিনৰ তৃতীয়  য’ত কেইবাহাজাৰো লোকৰ ওপৰত পৰীক্ষণ কৰোৱা হ’ব।
কোম্পানীয়ে কয় যে যদি ভেকচিনৰ দ্বিতীয় আৰু তৃতীয়টো পৰীক্ষণ সফল হয় তেতিয়া চলিত বৰ্ষৰ শেষত অথবা ২০২১ বৰ্ষৰ আৰম্ভণিতে সকলো লোকৰ বাবে সকলো লোকৰ বাবে ক’ৰোনা ভেকচিন উপলব্ধ হ’ব।

You might also like