ছয়গাঁও আৰক্ষীৰ বৃহৎ সফলতা
চুৰি কৰি নিয়া দুখনকৈ মটৰ চাইকেল বিক্ৰী কৰিবলৈ নি থাকোতেই হাতে লোতে ধৰা পৰিল দুজনকৈ চোৰ
নিয়মীয়া বাৰ্তা, ১৯ মেঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰু কুকুৰমাৰা পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দ্বীজেন্দ্ৰ মেধীৰ সহযোগত যোৱা নিশা অভিযান চলাই চুৰি কৰি নিয়া দুখনকৈ মটৰ চাইকেল বিক্ৰী কৰিবলৈ নি থাকোতেই হাতে লোতে ধৰা পৰে দুটাকৈ চোৰ । আৰক্ষীয়ে বিজয়নগৰৰ সমীপৰ বাটৰ হাটত ধৰে চোৰ দুটাক । চোৰ দুজন হ’ল পলাশবাৰী সমষ্টিৰ ২ নং জীয়াকুৰ গাঁৱৰ বিকাশ মেধী আৰু জীতু কলিতা আৰু আজি বাস্তৱ মেধীক আটক কৰে । এ এছ ২৫ ই ৬৩১৩ নম্বৰৰ পালছাৰ আৰু এ এছ ০১ এ ওৱাই ০১১৭ নম্বৰৰ ডিচকভাৰ মটৰ চাইকেল চুৰি কৰিছিল চোৰ দুজনে ।
উল্লেখ্য যে দেওবাৰে নিশা জীয়াকুৰ আৰু খাৰাভাঙাৰ পৰা চুৰি হৈছিল বাইক দুখন । আৰক্ষীয়ে চুৰি হোৱা বাইক দুখনৰ অনুসন্ধানত আছিল । চোৰ দুজনে বিক্ৰী কৰিব নিয়া সময়তে আৰক্ষী চোৰ দুজন হাতে লোতে আটক কৰিবলৈ সক্ষম হয় । এয়া ছয়গাঁও আৰক্ষীৰ বাবে বৃহৎ সফলতা । অনাগত সময়ত চোৰৰ বিৰুদ্ধে তদন্ত অব্যাহত থাকিব ছয়গাঁও আৰক্ষীৰ ।