দিহিং পাটকাই পৰিদৰ্শন কৰি পৰিস্থিতি বুজ ল’বলৈ বনমন্ত্ৰীক নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ২০ মে’: দিহিং পাটকাই অভয়াৰণ্যৰ মুক্ত কয়লা খনন সন্দৰ্ভত প্ৰথমবাৰলৈ মুখ খুলিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে । বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক শীঘ্ৰেই দিহিং পাটকাই বৰ্ষাৰণ্য ভ্ৰমণ কৰি পৰিস্থিতি বুজ লোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সোণোৱালে ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি টুইটযোগে প্ৰকাশ কৰে- “দিহিং পাটকাই অভয়াৰণ্য পৰিদৰ্শন কৰি অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ সবিশেষ বুজ ল’বলৈ পৰিৱেশ আৰু বনমন্ত্ৰী শ্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশ দিছোঁ। অসমৰ উন্নয়নৰ সমান্তৰালভাৱে আমাৰ চহকী বনাঞ্চল আৰু জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণ তথা সুৰক্ষাৰ বাবেও আমি সম্পূৰ্ণৰূপে দায়ৱদ্ধ।”