বিধায়ক পদ্ম হাজৰিকাক ‘কর্মযোগী’ উপাধি প্রদান
নিয়মীয়া বাৰ্তা, ২৩ মেঃ ক’ৰোনাৰ ভয়াৱহ সংকটৰ সময়ত সমষ্টিত তাৎক্ষণিকভাৱে লোৱা ভূমিকা আৰু কন্যকা বহুমুখী কৃষি পামৰ জৰিয়তে কৃষি আৰু অর্থনৈতিক বিপ্লৱৰ সূচনা কৰিবলৈ অহৰহ প্রচেষ্টা হাতত লোৱা চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক শুকুৰবাৰে ‘কর্মযোগী’ উপাধিৰে বিভূষিত কৰিলে ‘ৰক্তদাতা’ নামৰ স্বেচ্ছাসেৱী সংগঠনে৷ জামুগুৰিহাটৰ পৰিদর্শন বঙলাত শুকুৰবাৰে ‘ৰক্তদাতা’ৰ বিষয়ববীয়া আৰু কর্মকর্তাসকলে বিধায়কগৰাকীক এই সন্মানেৰে বিভূষিত কৰে৷
কন্যকাৰ জৰিয়তে বিধায়কগৰাকীয়ে সমষ্টিৰ নিবনুৱা যুৱক–যুৱতীসকলক্ কৃষি–কার্যৰ প্রতি আকৃষ্ট কৰিবলৈ সক্ষম হোৱাৰ লগতে যুৱক–যুৱতীসকলো অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ দিশত আগবাঢ়িছে৷ ইয়াৰোপৰি নিবনুৱা যুৱক–যুৱতীসকলক সু–সংগঠিত ৰূপত একত্রিত কৰি কন্যকাৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে৷
আনহাতে ক’ৰোনাৰ ভয়াৱহতাৰ সময়ত সমষ্টিটোত বহিঃৰাজ্যৰ পৰা উভতি অহা যুৱক–যুৱতীসকলক্ পৰিয়ালৰ সদস্যৰ দৰেই ৰাখিবৰ বাবে প্রচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে বিধায়কগৰাকীক৷ থলুৱা যুৱক–যুৱতীসকলে পথাৰ আৰু বজাৰ দখল কৰাৰ দিশত বিশেষভাৱে উদ্যোগ লোৱা তথা বিধায়কগৰাকীয়ে সকলো দিশতে দেখুওৱা কর্মস্পৃহাৰ বাবেই এইদৰে ‘কর্মযোগী’ উপাধিৰে বিভূষিত কৰা হ’ল বুলি জানিবলৈ দিয়ে ৰক্তদাতাৰ ভাৰপ্রাপ্ত সভাপতি কৌস্তভ বৰা আৰু সাধাৰণ সম্পাদক পৱন কুমাৰ নাথে৷ জামুগুৰিহাটৰ পৰিদর্শন বঙলাত আজি বিধায়ক পদ্ম হাজৰিকাক প্রদান কৰা এই ‘কর্মযোগী’ উপাধিসম্বলিত মানপত্রৰ লগতে গামোচা, শৰাই, মাস্ক আৰু ছেনিটাইজাৰো প্রদান কৰে ৰক্তদাতা স্বেচ্ছাসেৱী সংগঠনটিয়ে৷ স্বেচ্ছাসেৱী সংগঠনটোৱে আগবঢ়োৱা এই সন্মান গ্রহণ কৰি বিধায়ক হাজৰিকাই কয় যে ৰাইজৰ আশীর্বাদ, ৰাইজৰ স্বীকৃতিয়ে নিশ্চয়কৈ ভৱিষ্যতৰ দিনত কাম কৰি যোৱাত সাহস, প্রেৰণা আৰু মনোবল বৃদ্ধি কৰিব৷ ৰক্তদাতাৰ এই সন্মান লাভ কৰি মোৰ মনোবল বৃদ্ধি পাইছে কিয়নো ৰক্তদাতাই কৰা সামাজিক কাম–কাজসমূহৰ সৈতে মোৰ কাম–কাজৰো যথেষ্ট মিল দেখা পাইছেছা৷ এইসময়ত আমি কর্মৰ জৰিয়তে বিপ্লৱৰ সূচনা কৰিব লাগিব৷ মহামাৰী ক’ৰোনাক প্রতিহত কৰিবই লাগিব৷ সেই যুঁজখনত ৰক্তদাতাৰ যি কর্মৰাজি সেয়া প্রশংসনীয় বুলিও কয় বিধায়ক পদ্ম হাজৰিকাই৷
উল্লেখ্য যে ৰক্তদাতাই বিগত সময়ত ৰাজ্যৰ ভিন্ন প্রান্তত তেজৰ সমস্যাত পৰা ৰোগীক তেজৰ যোগান ধৰি সহায় কৰি অহাৰ লগতে ক’ৰোনা মহামাৰীৰ সংকটৰ সময়খিনিতো শোণিতপুৰ জিলাৰ ভিন্ন প্রান্তত ৰাইজ তথা জৰুৰীকালীন সেৱাৰ লগত জডিত লোকসকলক মাস্ক– ছেনিটাইজাৰ বিতৰণ, ৰাইজক সজাগ কৰিবৰ বাবে চৰকাৰী নীতি–নিয়মসম্বলিত দেৱাল–পোষ্টাৰিঙৰ লগতে ক’ৰোনাক ৰোধ কৰিবৰ বাবে জনসমাগমৰ স্থান, অফিচ–কাছাৰীত ঔষধযুক্ত পানীৰে ছেনিটাইজ কৰি আহিছে৷