কেনে আছে ডেইজী ? ‘নিয়মীয়া বার্তা’ৰে হোৱা টেলিফোনিক বার্তালাপত ক’লে স্বাস্থ্যৰ পৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈকে সকলো কথা
নিয়মীয়া বাৰ্তা, ২৩ মেঃ মুম্বাইৰ হিন্দুজা হাস্পতালত কর্মৰত অৱস্থাতে গুৱাহাটীৰ চানমাৰিৰ ডেইজী শইকীয়া নামৰ যুৱতীগৰাকী মাৰাত্মক ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পিছত সঠিক চিকিৎসা লাভ নকৰা খবৰে জোকাৰি গৈছিল অসমবাসীকো৷ মুম্বাইৰ এটা কোৱাৰেণ্টাইন চেণ্টাৰত এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত থাকিবলগীয়া হোৱাৰ বিষয়ে সামাজিক মাধ্যমৰ যোগেদি প্রকাশ কৰাৰ পিছতে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পিছতে ৰাজ্য চৰকাৰ আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপত সঠিক চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছিল এইগৰাকী অসম জীয়ৰীয়ে৷ অৱশ্যে দীর্ঘদিনে চিকিৎসাধীন অৱস্থাত থকা নার্ছ ডেইজী শইকীয়া এতিয়াও সম্পূর্ণ আৰোগ্য হৈ উঠা নাই৷ আজি ‘নিয়মীয়া বার্তা’ৰে হোৱা টেলিফোনিক বার্তালাপত ডেইজীয়ে সদৰী কৰা অনুসৰি তেওঁক পুনৰ কালি মুম্বাইৰ ডি জি ৰূপাৰেল কলেজত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ স্থানান্তৰ কৰা হৈছে৷ হাস্পতালৰ পৰা আহি কোৱাৰেণ্টাইন চেণ্টাৰত থাকিলেও সম্প্রতি তেওঁ পেট আৰু ডিঙিৰ বিষৰ লগতে কাহৰ সমস্যাত ভুগি আছে৷ পূর্বৰ দৰেই হিন্দুজা হাস্পতালৰ পৰা আহি বর্তমানে থকা ডি জি ৰূপাৰেল কলেজৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ অৱস্থাও অতি উন্নতমানৰ নহয় বুলি তেওঁ উল্লেখ কৰি কয়– ‘এই কোৱাৰেণ্টাইন চেণ্টাৰটোত পুৰুষ–মহিলাক একেলগে ৰখা হৈছে৷ তিনি দিনলৈ কেতিয়াবা পৰিষ্কাৰ কৰা নহয় কোৱাৰেণ্টাইন চেণ্টাৰসমূহ৷ যথেষ্ট লেতেৰা পৰিৱেশ, কেতিয়াবা তিনি দিনলৈ খোৱাৰ সামগ্রীৰ পেকেটসমূহ চাফ–চিকুণ কৰিবলৈ নাহে কোনো কর্মচাৰী৷’
উল্লেখ্য যে ২০১৮ চনৰ পৰাই মুম্বাইৰ হিন্দুজা হাস্পতালত নার্ছ হিচাপে কর্মৰত আছিল ডেইজী৷ যোৱা ৯ মে’ত তেওঁ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ হাস্পতালখনত কর্মৰত অৱস্থাতে তেওঁলৈ এই ৰোগৰ সংক্রমণ হোৱা বুলি আশংকা কৰা হৈছিল৷ ৯ মে’ত তেওঁৰ ছোৱাবৰ নমুনাৰ পৰীক্ষাৰ ফলাফল পজিটিভ হোৱাৰ পিছত একেদিনাই মাতুংগা কলেজৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ লৈ অহা হয়৷ কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰটোৰ অস্বাস্থ্যকৰ পৰিৱেশত উপায়হীন হৈ পৰাত তেওঁ ছ’চিয়েল মিডিয়াযোগে নিজৰ দুখ–দুর্দশাৰ কাহিনী বর্ণনা কৰি অসম চৰকাৰক এইক্ষেত্রত সহায়ৰ বাবে আহ্বান জনায়৷ পৰৱর্তী সময়ত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুম্বাই চৰকাৰৰ সৈতে এই সন্দর্ভত কথা পাতে৷ পিছত ডেইজীৰ স্বাস্থ্যৰ কিছু অৱনতি হোৱাত তেওঁক পুনৰ হিন্দুজা হাস্পতাললৈ চিকিৎসাৰ বাবে স্থানান্তৰ কৰা হয়৷ কালি হাস্পতালখনৰ পৰা তেওঁক পুনৰ কোৱাৰেণ্টাইন চেণ্টাৰলৈ অনাৰ লগতে ২৪ মে’ত কোৱাৰেণ্টাইন চেণ্টাৰটোৰ পৰা মুকলি কৰি দিয়া হ’ব বুলি উল্লেখ কৰে৷ কিন্তু বর্তমানলৈ তেওঁৰ নতুনকৈ কোনো পৰীক্ষা কৰা হোৱা নাই বুলি সদৰী কৰে৷
ইপিনে, ২৪ মে’ত কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হ’লেও আন এক সমস্যাৰ সন্মুখীন হৈছে ডেইজী৷ এই প্রসংগত তেওঁ কয়– ‘মই মুম্বাইত হিন্দুজা হাস্পতালৰ হোষ্টেলত আছিলোঁ৷ কিন্তু বর্তমান লাভ কৰা তথ্য অনুসৰি মোৰ কোঠাত আন এজনী ছোৱালীক থাকিবলৈ দিয়া হৈছিল৷ সেয়েহে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা গৈ পুনৰ হোষ্টেলত থকাৰ সুবিধা লাভ কৰিব নে নাই সেয়া অনিশ্চিত৷ আনহাতে, মোৰ নমুনাৰ ফলাফল পজিটিভ অহাৰ পিছত নূ্যনতম সামগ্রী লৈ মই কোৱাৰেণ্টাইন চেণ্টাৰলৈ আহিছিলোঁ৷ মোৰ মূল্যৱান সা–সামগ্রীৰ লগতে অধিকাংশ সা–সামগ্রী হোষ্টেলৰ কোঠাতেই আছে৷ নাজানো, মোৰ সা–সামগ্রী কিমান সুৰক্ষিত হৈ আছে৷ মুম্বাইত কোনেও কাৰো জীৱনৰ প্রতি চিন্তিত নহয়৷ সেয়েহে ঘৰলৈ কিবাকৈ উভতি গৈ তাতেই কাম কৰাৰ মন আছে৷ সেয়েহে অসম চৰকাৰক মোক ঘৰলৈ ওভতাই নিয়াৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছোঁ৷’