ডিজিটেল ডেস্ক, ২০ জুলাই : ‘আইৰা মচন পিকচাৰ্ছ’ৰ বেনাৰত নিৰ্মাণ হৈ থকা বহুপ্ৰত্যাশিত অসমীয়া কথাছবি “আদিশক্তি”ৰ গীত “অনি বনি”ৰ টিজাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে।
অসমৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ আৰু জনপ্ৰিয় কণ্ঠশিল্পী জুবলীৰ যুগলবন্দীৰে প্ৰাণ পাই উঠা এই গীতটোৰ টিজাৰ মুকলিৰ লগে লগে অনুৰাগীৰ মাজত ব্যাপক উছাহৰ সৃষ্টি হৈছে। দুয়োগৰাকী তাৰকা শিল্পীৰ প্ৰাণৱন্ত কণ্ঠ আৰু সুৰৰ যাদুৱে ইতিমধ্যে সংগীতপ্ৰেমীক মুগ্ধ কৰা দেখা গৈছে।
ইফালে, অহা ২৬ জুলাইত গুৱাহাটীস্থিত চিটী চেণ্টাৰত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে “আদিশক্তি” ছবিখনৰ আটাইকেইটা গীত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ব।