ৰাজ্যত নতুনকৈ ১৭ জনৰ দেহত ক’ভিড পজিটিভ; আক্ৰান্তৰ সংখ্যা ৩৪৬ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৩ মে’: ৰাজ্যত নতুনকৈ ১৭ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৪ গৰাকী চিৰাঙৰ, ৪ গৰাকী তিনিচুকীয়াৰ, এগৰাকী গোৱালপাৰাৰ, ৩ গৰাকী কাছাৰৰ, ৩ হাইলাকান্দিৰ আৰু ২ গৰাকী ত্ৰিপুৰাৰ ৷
যাৰ পাছতে অসমত বৰ্তমানলৈ কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা -৩৪৬ জনলৈ বৃদ্ধি পায় ৷ লগতে ৰাজ্যত সম্প্ৰতি ২৮২ গৰাকী এনে ৰোগী চিকিৎসাধীন হৈ আছে ৷