নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পৰা বাংগালুৰুলৈ অকলে উৰা মাৰিলে ৫ বছৰীয়া ৱিহান শর্মাই

নিয়মীয়া বাৰ্তা, ২৬ মেঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণে বিশ্বব্যাপী আতংক সৃষ্টি কৰাৰ সময়তে ঘটিছে এনে বহু ঘটনা, যিবোৰ স্বাভাৱিক জীৱনত কল্পনাতীত৷ এটি ৫ বছৰীয়া শিশুৱে দিল্লীৰ পৰা বাংগালুৰুলৈ বিমানেৰে অকলে ভ্রমণ কৰা খবৰে দৃষ্টি কাঢ়িছে দেশবাসীৰ‘স্পেচিয়েল কেটেগৰী’ বুলি লিখা এখন পোষ্টাৰ হাতত লৈ বাংগালুৰুৰ বিমানবন্দৰত উপস্থিত হয় এটি শিশু৷

কেম্পেগৌড়া বিমানবন্দৰৰ পৰা ওলাই আহিয়েই মাতৃৰ বুকুৰ মাজত আলিংগনবদ্ধ হয় ৱিহান শর্মা নামৰ ফুলকুমলীয়া শিশুটি৷ উল্লেখ্য যে দুমাহৰ বিৰতিৰ অন্তত সমগ্র দেশত ঘৰুৱা বিমান পৰিবহণ সেৱা আৰম্ভ কৰা হয়৷ মাস্ক আৰু গ্লভছ পৰিহিত ৱিহানৰ হাতত আছিল এটা সৰু পার্ছ৷ ডিঙিত ওলমি আছিল পৰিচয়–পত্র৷ মাতৃয়ে জনোৱা মতে, লকডাউনৰ পূর্বে ৱিহান নতুন দিল্লীৰ ককাক–আইতাকৰ ঘৰলৈ গৈছিল৷ কিন্তু ক’ভিড–১৯ৰ সংক্রমণৰ পৰিপ্রেক্ষিতত দেশজুৰি ঘোষণা কৰা লকডাউনৰ ফলত শিশুটিক বাংগালুৰুলৈ অনাটো সম্ভৱ হোৱা নাছিল৷

ঘৰুৱা বিমান পৰিবহণ সেৱা আৰম্ভ কৰাৰ বাবে কেন্দ্রই লোৱা সিদ্ধান্তৰ পাছতে ৱিহানক মাতৃৰ কাষলৈ নিয়াৰ বাবে পৰিয়ালে বিমান পৰিবহণ সংস্থাৰ সৈতে যোগাযোগ কৰে৷ অৱশেষত দিল্লীৰ পৰা বাংগালুৰুলৈ ৱিহানৰ টিকট বুকিং কৰা হয়৷ কিন্তু ৫ বছৰীয়া শিশুৱে অকলে বিমানেৰে ভ্রমণ কৰাটো কেনেকৈ সম্ভৱ? অৱশেষত ৱিহানৰ ভ্রমণৰ বাবে বিশেষ অনুমতি প্রদানৰ ব্যৱস্থা গ্রহণ কৰা হয় আৰু ‘স্পেচিয়েল কেটেগৰী’ৰ যাত্রী হিচাপে শিশুটিক বাংগালুৰু অভিমুখী ফ্লাইটৰ ব’র্ডিং পাছ দিয়া হয়৷ বিমানৰ ফ্লাইট এটেণ্ডেণ্টে শিশুটিক নিৰাপদে কেম্পেগৌড়া বিমানবন্দৰত মাতৃৰ হাতত চমজাই দিয়ে৷ তিনি মাহৰ মূৰত এনেদৰেই মাতৃ–পুত্রৰ মিলন সম্ভৱ হয়৷

You might also like