ইৰানক অতিক্রমি দশম স্থানত ভাৰত
নিয়মীয়া বাৰ্তা, ২৬ মেঃ বিশ্বত প্রাণঘাতী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছৰ দ্বাৰা সর্বাধিক আক্রান্ত লোকৰ দেশৰ তালিকাত প্রৱেশ ঘটিছে ভাৰত৷ আজি দেশখনত মাৰাত্মক ভাইৰাছবিধত আক্রান্ত লোকৰ সংখ্যাই ১ লাখ ৩৮ হাজাৰ অতিক্রম কৰিছে৷ ইয়াৰ ভিতৰত ৭৭ হাজাৰ ১০৩গৰাকীয়ে চিকিৎসা গ্রহণ কৰি থকাৰ বিপৰীতে হাস্পতালৰ পৰা সুস্থ হৈ ঘৰলৈ উভতিছে ৫৭,৭২০গৰাকী লোকে৷ এই বাতৰি যুগুতোৱাৰ পৰলৈ দেশত মাৰাত্মক ভাইৰাছবিধত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ৪,০২১গৰাকীলৈ বৃদ্ধি পাইছে৷ আমেৰিকাৰ জনছ হ’পকিনছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি ইৰানক অতিক্রম কৰি ভাৰত ক’ৰোনা সংক্রমিত দেশৰ তালিকাত দশম স্থানত উপনীত হৈছে৷ এই তালিকাত প্রথম ৯টা স্থানত থকা দেশকেইখন হৈছে–আমেৰিকা, ব্রাজিল, ৰাছিয়া, স্পেইন, ব্রিটেইন, ইটালী, ফ্রান্স, জার্মানী আৰু তুৰস্ক৷ এছিয়াৰ ভিতৰত তুৰস্কৰ পাছতে স্থান লাভ কৰিছে ভাৰতে৷ অর্থাৎ এছিয়াত ক’ৰোনাত সংক্রমিত দেশৰ তালিকাত ভাৰতৰ স্থান দ্বিতীয়৷ ইফালে বিশ্বজুৰি মাৰাত্মক ভাইৰাছবিধত ৫৪ লক্ষাধিক লোক সংক্রমিত হোৱাৰ উপৰি প্রাণ হেৰুৱাইছে ৩ লাখ ৪৫ হাজাৰতকৈ অধিকে৷ শেহতীয়াকৈ ইউৰোপ আৰু আমেৰিকাৰ তুলনাত ভাৰতত সংক্রমিত লোকৰ হাৰ বৃদ্ধি পাবলৈ লৈছে বুলি জন হ’পকিনছ বিশ্ববিদ্যালয়ৰ প্রতিবেদনত উল্লেখ কৰা হৈছে৷ বর্তমান বিশ্বৰ ভিতৰত ব্রাজিল আৰু ৰাছিয়াত এই ভাইৰাছবিধৰ সংক্রমণ অধিক দ্রুত হোৱা বুলি বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা সদৰী কৰা হৈছে।