ৰহাত কলঙে সলালে ৰং; নিশাটোৰ ভিতৰতে নীলা হ’ল কলঙৰ পানী
নিয়মীয়া বাৰ্তা, ২৮ মে’: সমগ্ৰ দেশতে মহামাৰী ক’ৰোণা ভাইৰাছৰ বিভীষিকা । দেশজুৰি ক’ৰোণাক প্ৰতিৰোধৰ তীব্ৰ প্ৰচেষ্টা। অসমতো যুদ্ধং দেহি ভাবেৰে স্বাস্থ্য বিভাগ তথা অসম চৰকাৰে ক’ৰোণাৰ বিৰুদ্ধে দিন-ৰাতি একাকাৰ কৰি ক’ৰোণামুক্ত কৰিবলৈ নামি পৰিছে। কিন্তু তেনে সময়তে মধ্য অসমৰ মেৰুদণ্ড স্বৰূপ কলং নৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
প্ৰকৃতাৰ্থত যদিহে স্বচক্ষে দেখা নাপাই তেন্তে আপুনিও বিশ্বাস কৰিবলৈ টান পাব। হয়, নগাঁও জিলাৰ ৰহাৰ মাজেৰে বৈ যোৱা কলং নৈত সংঘটিত এনে চাঞ্চল্যকৰ ঘটনাই বৰ্তমান সকলোকে আচৰিত কৰি তুলিছে।
মন কৰিবলগীয়া যে ৰহা বজাৰ পৰা দক্ষিণ-পূব দিশেৰে প্ৰায় তিনি কি’লমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক শ্ৰী শ্ৰী দিহিং সত্ৰৰ পাছফালে সংযোগ ঘটা তিনিসূঁতিৰ পৰা আৰম্ভ কৰি পূব দিশৰ দেওবালি দলঙৰ সমীপলৈকে কলঙ নদীৰ পানী নীল হৈ পৰিছে।
নদী কাষৰীয়া জেষ্ঠ, কনিষ্ঠ স্থানীয় বিভিন্নজন লোকৰ ভাষ্য অনুসৰি সংঘটিত এনে আচাৰ্যজনক ঘটনা জীৱনত প্ৰথমবাৰৰ বাবে দেখা পাইছে। বৰ্তমান সময়ত শেহতীয়া নেৰানেপেৰা ধাৰাষাৰ বৰষুণৰ বাবে কলং সংযোগী কপিলী, হাৰিয়া,বৰপানী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কলঙ নদীৰ ভূগৰ্ভ বৃদ্ধি হৈ নদীৰ পাৰলৈকে পানী বাঢ়ি গৈছে। ফলত হাৰিয়ামুখৰ পৰা দেওবালিলৈকে গোটেই কলঙৰ পানী নীলা পৰিছে। কিন্তু এই সংকট কালত কোনো দিনে নেদেখা কলঙৰ নতুন ৰূপ দেখি আচৰিত হৈছে কলংপৰীয়া ৰাইজে।
উল্লেখ্য যে, বাঢ়নি পানীয়ে উফন্দি উঠা বৰ্তমানৰ কলঙৰ নীলা পানীত নদীৰ দুয়োকাষে ফুলি উঠা এজাৰ গছৰ ফুলে যেন এজন সুনিপুন শিপ্পীয়ে অঁকা এখন ছবিৰ দৰে হৈ পৰিছে দৃষ্টি নন্দন। স্ফটিকৰ দৰে স্বচ্ছ, পৰিস্কাৰ আৰু গাঢ় নীলা পানীত জিলিকি উঠিছে নীলাকাশৰ শুকুলা কিম্বা কলীয়া ডাৱৰ, জিলিকিছে নদী পাৰৰ শাৰী শাৰী গছ- বনৰ সেউজীয়া শোভা। যেন সেয়া কলঙ নহয়, সৃষ্টিশীল শিল্পীৰ যাদুকৰী হাতৰ পৰশত প্ৰাণ পাই উঠা আমাজানৰ এখন ছবিহে। দাপোনৰ দৰে জিলিকি উঠা আকাশ ৰঙী কলঙ হৈ পৰিছে চৰ্চাল কেন্দ্ৰবিন্দু।
অন্যহাতে ৰহাত কপিলী, বৰপানী আদি নৈৰ বানৰ বিভীষিকা। চৌদিশে কেৱল বোকাময় পানী, ফেনেফুটুকাৰে বাঢ়িছে কপিলী নদী। তাৰ বিপৰীতে কলং নৈৰ এই সৌন্দৰ্যৰ প্ৰকৃত কাৰণ উদঘাটন কৰিব পৰা নাই স্থানীয় লোকে। হঠাৎ কলঙে সলোৱা ৰূপ দেখি স্থানীয় ৰাইজ সৌন্দৰ্যত বিভোৰ যদিও ইয়াৰ বিপৰীতে বহুতকে ভীতিগ্ৰস্থও কৰি তুলিছে। কিয়নো চৌদিশে মহামাৰী ক’ৰনাৰ আতংকৰ মাজতে বানপানীয়ে সৃষ্টি কৰিছে আন এক প্ৰলয়ৰ। তাৰ মাজতে শান্ত হৈ থকা কলঙৰ এই ৰূপে আনন্দৰ পৰিবৰ্তে কলংপৰীয়া ৰাইজৰ মনত সৃষ্টি কৰিছে উদগ্নতা। কাহানিও নেদেখা কলঙে হঠাথ কিয় এনে ৰূপ লৈছে বা ইয়াৰ অন্তৰালত কি ৰহস্য আছে সেয়া সকলোৰে অজ্ঞাত।
আনফালেদি এনে ঘটনাৰ খবৰ লাভ কৰি স্থানীয় ৰহা ৰাজহ চক্ৰ বিষয়া ডা৹ প্ৰিয়ংকা বনিয়াই ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিত বুজ লয়। তদুপৰি ৰহাস্থ জলসম্পদ বিভাগেও নীলা পানীৰ ৰহস্য ভেদৰ কৰিবলৈ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰিছে। অন্যহাতে উক্ত নীলাপানীৰ সন্দৰ্ভত ৰহাস্থ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত কনিষ্ঠ অভিযন্তা বাবুল শইকীয়াৰ লগত যোগাযোগ কৰি জানিব বিছৰাত তেঁও পানীৰ নমুনা পৰীক্ষাৰ পাছতহে সঠিক উত্তৰ লাভ কৰিব পৰা যাব বুলি কয় যদিও কোনো ৰাসায়নিক দ্ৰব্য মিহলি হোৱাৰ ফলতে এনেকুৱা ৰঙ হ’ব পাৰে বুলি সন্দেহ কৰিছে। অন্যহাতে অধিক তথ্যলাভৰ বাবে নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নগাঁও সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা(কাৰিকৰী শাখা) তথা ৰহা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া চবিৰ আহমেদৰ লগত যোগাযোগ কৰাত বিষয়াজনেও কোনো ৰাসায়নিক দ্ৰব্য মিহলি হোৱা বুলি সন্দেহ কৰে। বিষয়া জনে নদীৰ উৎস তথা পাহাৰীয়া অঞ্চলৰ শিলত থকা কোনো পদাৰ্থ অথবা ৰাসায়নিক দ্ৰব্য ঘনীভূত হৈ এনেধৰণৰ ৰঙৰ আকাৰ ল’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে । লগতে বিভাগে ইতিমধ্যে এই পানীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে বুলি মন্তব্য কৰি দুই-তিনিদিনৰ ভিতৰত সঠিক ফলাফল দিব পাৰিব বুলি মন্তব্য কৰে।যিয়ে নহওঁক কিয়, বৰ্তমান ৰহাৰ কলঙ নদীৰ নীলা পানীয়ে সকলোকে আকৰ্ষিত কৰা লগতে চিন্তাতো পেলাইছে জনসাধাৰণক।