নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এগৰাকী ‘বাইদেউ’ৰ ফোনত কঁপে অসম আৰক্ষী, যাৰ বাবে এৰি দিয়ে কয়লা ভৰ্তি ট্ৰাক; পিছে কোন এই ‘বাইদেউ’ ?

নিয়মীয়া বাৰ্তা, ২৮ মেঃ সকলোৰে চকু কপালত তুলি এইবাৰ কয়লা মাফিয়া গেঙত চামিল হ’ল এগৰাকী ছদ্মবেশী সুন্দৰী নাৰী৷ ‘বাইদেউ’ নামেৰে ইতিমধ্যে সংবাদ মাধ্যমত চর্চিত এইগৰাকী সুন্দৰী নাৰী কিন্তু এলাপেচা নহয়৷ আৰক্ষীৰ একাংশ উচ্চপদস্থ বিষয়া, ছালফা নেতা, সাংবাদিকৰে ঘনিষ্ঠ সম্পর্ক থকাৰ দোহাই দি ছ’চিয়েল মিডিয়াত ফটো ভাইৰেল কৰি সমাজৰ দৃষ্টিত নিজকে উচ্চস্থানীয় মহিলাৰ শাৰীত অন্তর্ভুক্ত কৰাৰ প্রবল চখ ‘বাইদেউ’ৰ৷

অভিযোগ অনুসৰি সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ আঁৰত থাকিয়েই বাইদেৱে কৰি গৈছে বহু কুটিল খেলা৷ উজনিৰ পৰা ক’লা হীৰা সৰবৰাহৰ ক্ষেত্রত এইগৰাকী ‘বাইদেউ’ৰ ভূমিকা অপৰিসীম৷ তৈলনগৰী দুলীয়াজানৰ বাসিন্দা ‘কয়লা ৰাণী’খ্যাত এইগৰাকী সুন্দৰী বাইদেৱে উজনিৰ মার্ঘেৰিটা, লিডু, বৰগোলাই আদি অঞ্চলৰ পৰা ক’লা হীৰাৰ অবৈধ সৰবৰাহত মুখ্য ভূমিকা গ্রহণ কৰি বহিঃৰাজ্যলৈ প্রেৰণ কৰে৷ আৰক্ষীৰ চকুত ধূলি দি নিতৌ নিশা পাৰ হোৱা কয়লা কঢ়িওৱা সিংহভাগ ট্রাকৰ পৰা বাইদেৱে হেনো মাননি লয় ৩২ হাজাৰকৈ টকা৷ এতিয়া প্রশ্ন হ’ল, কোন এই বাইদেউ?

‘নিয়মীয়া বার্তা’ৰ এই বিশেষ প্রতিবেদনে ৰহস্য ভেদ কৰিছে ৰহস্যময়ী বাইদেউৰ৷ কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আদিৰে সু–সম্পর্ক থকা বুলি জাহিৰ কৰা এই মহিলাগৰাকীৰ নাম মেডাম ওৰফে জেছমিন কে ৰহমান ওৰফে জেছমিন হুছেইন৷ জীৱনৰ ৰং বিচাৰি হাবাথুৰি খোৱা, বৃদ্ধ আৰু শিশুৰ মাজত থাকি উমলি ভাল পোৱা বুলি জাহিৰ কৰা দুলীয়াজানৰ নৱোদয় কলনীৰ বৌদ্ধ মন্দিৰ পথ নিৱাসী এই মহিলাগৰাকী কিমান ভয়ানক হ’ব পাৰে, সেয়া কল্পনাৰো অগোচৰ৷

মহিলাগৰাকীৰ আত্মপৰিচয় এনেকুৱা– ৰাষ্ট্রীয় মানৱ অধিকাৰ আৰু অপৰাধ নিয়ন্ত্রণ সংস্থাৰ অসম শাখাৰ মহিলা কোষৰ প্রাক্তন সম্পাদিকা আৰু সভানেত্রী, মেছার্ছ কে কে কনষ্ট্রাকচনৰ স্বত্বাধিকাৰ, বাস্তৱ সাংস্কৃতিক গোষ্ঠীৰ স্বত্বাধিকাৰ তথা প্রাক্তন সভানেত্রী, মমছ্ ফুড এণ্ড বেভাৰেজেছৰ স্বত্বাধিকাৰ, জেছ ইভেণ্ট গ্রুপৰ স্বত্বাধিকাৰ, ফাইণ্ড মিচিং পিপলৰ টীম লীডাৰ, ছেভ লাইফ ফাউণ্ডেচনৰ প্রতিষ্ঠাপক আৰু মেইনেছ হোমৰ স্বত্বাধিকাৰ৷

অভিযোগ মতে, মানৱ দৰদী আৰু মানৱাধিকাৰ কর্মীৰ ভাও ধৰা এইগৰাকী মহিলাৰ ডিব্রুগড আৰু তিনিচুকীয়া জিলাৰ আৰক্ষী বিষয়া বিশেষৰ স’তে মধুৰ সম্পর্ক গঢ়ি কয়লা ছিণ্ডিকেটত জড়িত হৈ পৰে৷ দৈনিক একাংশ কয়লাভর্তি ড্রাকৰ এণ্ড্রী ফ্রী কৰাই সংশ্লিষ্ট ট্রাকসমূহৰ গৰাকীৰ পৰা কমিছন আদায় কৰাই মেডামৰ প্রধান কাম৷ পৰীক্ষণ চকীসমূহত কর্মৰত আৰক্ষীয়ে সোঁশৰীৰে চিনি নাপায় যদিও ‘মেডামৰ গাড়ী’ বুলি কোৱাৰ লগে লগে যাবলৈ দিয়া হয়৷

লিডু আৰক্ষী চকীৰ আই চি উত্তম তামাঙৰে সৌহার্দ্যপূর্ণ সম্পর্ক থকা বুলি অভিযোগ থকা কয়লা মাফিয়া জেছমিনে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তক ‘দাদা’ বুলি সম্বোধন ধৰি ফেচবুক আপলোড দিয়া কার্যই আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰে নিকট সম্পর্ক থকাটোৱে ধাৰণা দিয়ে৷ পিছে এই সন্দর্ভত ডি জি পি মহন্তই জেছমিন নামৰ কোনো মহিলাক চিনি নাপায় বুলিহে জানিবলৈ দিয়ে৷ আৰক্ষী বিষয়াৰে সু–সম্পর্ক থকাৰ সুবাদতে জেছমিনে মাৰণাস্ত্রৰ অনুজ্ঞাপত্রও লাভ কৰিছে বুলিও জানিব পৰা গৈছে৷ ইফালে জেছমিন কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীৰে সু–সম্পর্ক থকা বুলি বৈদ্যুতিন মাধ্যমত বাতৰি প্রচাৰ হৈছিল৷ উক্ত বাতৰি সন্দর্ভত টেলিফোনযোগে সোধা প্রশ্ণৰ উত্তৰত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলীয়ে এই প্রতিবেদকক দৃঢ়তাৰে জানিবলৈ দিয়ে যে কয়লাৰ অবৈধ বেহাৰে জডিত থকা বুলি প্রচাৰ হোৱা জেছমিন ৰহমান নামৰ মহিলাগৰাকী কংগ্রেছী এজেণ্টহে৷

কয়লা ছিণ্ডিকেটৰ সৈতে জডিত এইগৰাকী সুন্দৰী বাইদেউৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰত ভুগি স্বামী বর্তমান নিজ গৃহ এৰি ডিব্রুগডত পিতৃ–মাতৃৰ সৈতে থাকিবলৈ লৈছে৷ জানিব পৰা মতে, ২০১৯ চনতে ইছলামিক আইন অনুসৰি দুয়োৰে তালাক প্রক্রিয়া সম্পন্ন হৈছে৷ ইয়াৰ বিপৰীতে ছ’চিয়েল মিডিয়াত বাইদেৱে নিজকে স্বামীৰ দ্বাৰা লাঞ্ছিত বুলি সকলোৰে সহমর্মিতা আদায় কৰাৰ উদাহৰণো আছে৷ নেপথ্যত বাহুবলী, ধনবলী ব্যক্তিক লৈ হাতত বন্দুক টোঁৱাই বাইদেৱে ছ’চিয়েল মিডিয়াত নিজৰ শক্তিশালী অস্তিত্ব জাহিৰ কৰাতো পিছপৰি থকা নাই৷ কাহিনী কৈ ওৰ নপৰা এইগৰাকী কয়লা মাফিয়া বাইদেউক লৈ এতিয়া ডিব্রুগড–তিনিচুকীয়া উপৰি সমগ্র ৰাজ্যতে তোলপাৰ লাগিছে– বাইদেউ কোন?

You might also like