নগাঁৱত এটা বিসংগতিপূৰ্ণ নৱনিৰ্মিত কালভাৰ্টে জলাকলা খুৱাইছে ৰাইজক
প্ৰতিদিনে সংঘটিত হৈছে দুৰ্ঘটনাঃ আবদ্ধ হৈছে চাৰিচকীয়া বাহনঃ নিৰৱ বিভাগীয় কৰ্তৃপক্ষ
নিয়মীয়া বাৰ্তা, ২৮ মেঃ নগাঁও চহৰৰ অতিকৈ ব্যস্ততাপূৰ্ণ ব্যৱসায়িক এলেকা বৰবজালৈ দক্ষিণ দিশৰ পৰা যোৱা একমাত্ৰ পথৰ ওপৰত অৰ্ধ নিৰ্মিত এটা কালভাৰ্টে দীৰ্ঘদিন ধৰি ৰাইজক জলা-কলা খুৱাইছে। প্ৰাপ্ত অভিযোগ অনুসৰি, লকডাউনৰ প্ৰায় তিনি মাহ পূৰ্বে চহৰখনৰ এম আজাদ ৰোডৰ প্ৰৱেশ পথৰ এলফিনিষ্টন চাৰিআলিত এটা কালভাৰ্ট নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। অতি লেহেমীয়া গতিত চলা নিৰ্মাণ কাৰ্যৰ বাবে প্ৰায় তিনিমাহ ধৰি উক্ত পথেৰে মানুহৰ আহ যাহ বিশেষকৈ যানবাহন চলাচল ব্যাহত হৈ পৰে। উত্থাপিত অভিযোগ অনুসৰি, বিংগতিপূৰ্ণ ভাবে নিৰ্মাণ কৰা কালভাৰ্টটোৰ নিৰ্মাণ শেহতীয়াকৈ সম্পূৰ্ণ কৰিছে যদিও কালভাৰ্ট দুয়োপাৰে মাটি নিদিয়াৰ বাবে নতুবা এপ্ৰৰ্চ ৰোড নিৰ্মাণ নকৰাৰ বাবে সৃষ্টি হৈছে দীঘলীয়া আকাৰৰ প্ৰকাণ্ড গাত। ফলত যানবাহন কালভাৰ্টটোৰ ওপৰত উঠিলেই আবদ্ধ হৈ পৰে। বিশেষকৈ চাৰিচকীয়া বাহনসমুহ ইপাৰ সিপাৰ নিব নোৱাৰা অৱস্থাৰ সৃষ্টি হয়। ইতিমধ্যে কেইবাখনো চাৰিচকীয়া বাহন উক্ত স্থানত আবদ্ধ হৈ পৰাত বাহনসমুহৰ ব্যাপক ক্ষতি সাধন হৈছে।
আজিও এখন চাৰিচকীয়া বাহন কালভাৰ্টটোৰ ওপৰত আবদ্ধ হৈ পৰাৰ দৃশ্য সাংবাদিকৰ কেমেৰাত বন্দী হয়। নিশাৰ ভাগত প্ৰতিদিনে সংঘটিত হৈছে দুৰ্ঘটনা। এই ক্ষেত্ৰত সংশ্লিষ্ট ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষক স্থানীয় ৰাইজে বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো ৰাইজে আজি পৰ্যন্ত কোনো সুফল নাপালে। ফলত দীৰ্ঘদিন ধৰি চহৰৰৰ বৰবজালৈ অহা বৃহত্তৰ অঞ্চলৰ ৰাইজে যমৰ যাতনা ভুগি আহিছে। উল্লেখ্য যে, এলফিনিষ্টন চাৰিআলিৰ পৰা বৰবজাৰস্থ ব’হাগী উদ্যানলৈ যোৱা এম আজাদ ৰোডৰ এটা পাৰে পকী ড্ৰেইনৰ নিৰ্মাণ কাৰ্য খুব নিম্নমানৰ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে। একা বেকাকৈ নিৰ্মাণ কৰা পকী নলাৰ কাম বিসংগতি পূৰ্ণ হোৱাৰ বাবে পদপথৰ ওপৰেদি সামান্য বৰষুণৰ পানী বাগৰি পথৰ ওপৰত জমা হৈ সাগৰ সদৃশ পৰিৱেশৰ সৃষ্টি হয়। ফলত সৰ্বসাধাৰণ ৰাইজ উক্ত পথেদি আহযাহ কৰাত যথেষ্ট কষ্টসাধ্য হৈ পৰে। এইদৰে নিম্নমানৰ আৰু বিসংগতি পূৰ্ণ কাম কৰি ঠিকাদাৰে সংশ্লিষ্ট বিভাগীয় বিষয়া-অভিযন্তাৰে মিলি মোটা অংকৰ ধনৰ লুন্ঠন চলোৱাৰ অভিযোগ কৰিছে ৰাইজে।