ক’ৰোনা যুদ্ধত একতাৰে বিশ্বক স্তম্ভিত কৰিলে ভাৰতে
নিয়মীয়া বাৰ্তা,৩০ মেঃ সমগ্র বিশ্বতে মহামাৰী ক’ৰোনা ভাইৰাছৰ প্রকোপ বৃদ্ধি পোৱাৰ সময়ত ভাৰতকে ধৰি বিভিন্ন দেশে কেনেকৈ অর্থনীতিক পুনৰুদ্ধাৰ কৰিব, তাক লৈ ব্যাপক চর্চা চলি আছে৷ কিন্তু ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত একতা আৰু সংকল্পৰ পৰিচয় দি ভাৰতে যিদৰে বিশ্বক স্তম্ভিত কৰিলে, তাৰ পৰা দৃঢ় বিশ্বাস হয় যে অর্থনৈতিক পুনৰুদ্ধাৰৰ ক্ষেত্রতো আমি এক আর্হি দেখুৱাব পাৰিম৷ ১৩০ কোটি ভাৰতীয়ই অর্থনৈতিক দিশতো নিজৰ শক্তিৰ জৰিয়তে বিশ্বক স্তম্ভিত কৰাৰ লগতে অনুপ্রাণিত কৰিবলৈ সক্ষম হ’ব৷ এন ডি এ চৰকাৰৰ দ্বিতীয় কার্যকালৰ প্রথম বর্ষপূর্তি উপলক্ষে ১৩০ কোটি নাগৰিকক সম্বোধন কৰি লিখা পত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এইদৰে উল্লেখ কৰে৷
তেওঁ কয় যে দেশবাসীৰ আশা–আকাংক্ষা পূৰণ কৰিবলৈ দ্রুতগতিত অগ্রসৰ হোৱাৰ সময়তে ক’ৰোনা ভাইৰাছ মহামাৰীয়ে দেশক গ্রাস কৰিছে৷ বিশাল জনসংখ্যা আৰু সম্পদৰ সীমাবদ্ধতাই ভাৰতত সমস্যাৰ সৃষ্টি কৰিছে৷ বহুতেই আশংকা প্রকাশ কৰিছিল যে ক’ৰোনাৰ সংক্রমণ ঘটিলে সমগ্র বিশ্বৰ বাবে ভাৰত এক সমস্যা হৈ পৰিব৷ কিন্তু আত্মবিশ্বাস আৰু ধৈর্য শক্তিৰ জৰিয়তে আজি আমি আমাৰ প্রতি থকা বিশ্বৰ দৃষ্টিভংগী সলনি কৰি দিলোঁ৷ আপোনালোকে প্রমাণ কৰি দেখুৱালে যে ভাৰতীয়ৰ সংঘবদ্ধ শক্তি আৰু সম্ভাৱনীয়তাৰ সৈতে বিশ্বৰ ক্ষমতাশালী আৰু উন্নত দেশসমূহেও ফেৰ মাৰিব নোৱাৰে৷ ‘এক ভাৰতে শ্রেষ্ঠ ভাৰত’ৰ নিশ্চয়তা প্রদান কৰিব বুলি আপোনালোকে দেখুৱাই দিলে৷
তেওঁ স্বীকাৰ কৰে যে এনে বিশাল পৰিসৰৰ সংকটৰ মাজত কোনেও অসুবিধাৰ সন্মুখীন হোৱা নাই বুলি দাবী কৰিব নোৱাৰি৷ আমাৰ শ্রমিক, প্রব্রজনকাৰী শ্রমিক, ক্ষুদ্র উদ্যোগৰ কর্মী, হকাৰ আদি ভীষণ কষ্টৰ সন্মুখীন হৈছে৷ তেওঁলোকৰ সমস্যা দূৰ কৰিবলৈ আমি সংঘবদ্ধ আৰু দৃঢ় সংকল্পৰে কাম কৰিছোঁ৷ আমি এই কথাৰ ওপৰত গুৰুত্ব দিব লাগিব, যাতে আমি সন্মুখীন হোৱা অসুবিধাসমূহ দুর্যোগত পৰিণত নহয়৷ আত্মনির্ভৰ ভাৰত অভিযানৰ বাবে আগবঢ়োৱা ২০ লাখ কোটি টকাৰ পেকেজ সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কয়– ‘আমি আত্মনির্ভৰ হ’বই লাগিব৷ এয়া হ’ল সময়ৰ আহ্বান৷ আমি নিজৰ সামর্থ্যৰে, নিজৰ সিদ্ধান্তৰে আগবাঢ়ি যাব লাগিব৷ এয়া সম্ভৱ হ’ব কেৱল আত্মনির্ভৰ ভাৰতৰ জৰিয়তে৷’ পত্রখনৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে ১৩০ কোটি ভাৰতীয় আৰু দেশৰ গণতান্ত্রিক প্রমূল্যক সেৱা জনাই কয় যে দেশবাসীৰ মৰম, সদিচ্ছা আৰু সক্রিয় সহযোগে নতুন শক্তি আৰু অনুপ্রেৰণা প্রদান কৰিছে৷ পত্রখনত তেওঁ উল্লেখ কৰে যে ২০১৪ চনত দেশবাসীয়ে সামগ্রিক পৰিৱর্তনৰ বাবে ভোট দিছিল৷
যোৱা ৫ বছৰত প্রশাসনযন্ত্র কেনেকৈ স্থিতাৱস্থাৰ পৰা মুক্ত হ’ল, কেনেকৈ দুর্নীতি আৰু অপশাসনৰ পৰা মুক্ত হ’ল, সেয়া দেশবাসীয়ে দেখিলে৷ অন্ত্যোদয়াৰ ভাবনাৰে কোটি কোটি মানুহৰ জীৱন সলনি কৰি দিয়া হ’ল৷ ২০১৪ চনৰ পৰা ২০১৯ চনলৈ বিশ্বত ভাৰতৰ মর্যাদা তাৎপর্যপূর্ণভাৱে বৃদ্ধি হ’ল৷ দৰিদ্রৰ গৰিমা বৃদ্ধি পালে৷ দেশে আর্থিক অন্তর্ভুক্তি লাভ কৰিলে৷ বিনামূলীয়া গেছ, বিনামূলীয়া বিদ্যুৎ সংযোগ, শৌচাগাৰ নির্মাণৰ লগতে ‘সকলোৰে বাবে গৃহ’ৰ ক্ষেত্রত অগ্রগতি লাভ কৰিলে৷ ভাৰতে ছার্জিকেল ষ্ট্রাইক আৰু এয়াৰ ষ্ট্রাইকেৰে শক্তি প্রদর্শন কৰিবলৈ সক্ষম হ’ল৷ একেদৰে কেইবাদশক পুৰণি এক পদ এক পেন্সন, এক দেশ এক কৰ– জি এছ টি, কৃষকৰ বাবে নূ্যনতম সমর্থন মূল্যৰ দৰে দাবী পূৰণ কৰা হ’ল৷ সাধাৰণ পৰিস্থিতিত আজিৰ দিনটোত তেওঁ জনতাৰ মাজত থাকিলেহেঁতেন বুলি উল্লেখ কৰি মোদীয়ে কয় যে ক’ৰোনা মহামাৰীৰ পৰিপ্রেক্ষিতত বর্তমানৰ পৰিস্থিতিয়ে তেওঁক এই অনুমতি নিদিলে৷
তেওঁ কয় যে ২০১৯ চনত দেশবাসীয়ে কেৱল এই ধাৰা অব্যাহত ৰখাৰ বাবে ভোট দিয়া নাছিল৷ তেওঁলোকে এটা সপোন লৈ ভোট দিছিল৷ সেই সপোন হ’ল দেশক এক নতুন উচ্চতালৈ লৈ যোৱা৷ সেই সপোন হ’ল ভাৰতক বিশ্বগুৰু হিচাপে প্রতিষ্ঠা কৰা৷ যোৱা এটা বছৰত লোৱা সিদ্ধান্তসমূহ এই সপোন পূৰণৰ লক্ষ্যৰেই গ্রহণ কৰা হৈছে৷ আজি ১৩০ কোটি ভাৰতীয়ই দেশৰ উন্নতিৰ উচ্চমুখী পথত নিজকে সক্রিয়ভাৱে জড়িত আৰু সংকল্পবদ্ধ বুলি অনুভৱ কৰে৷ ‘জনশক্তি’ আৰু ‘ৰাষ্ট্রশক্তি’ৰ আর্হিয়ে সমগ্র দেশক জাগ্রত কৰিছে৷ সবকা সাথ, সবকা বিকাশ মন্ত্রৰ শক্তিৰে সকলো ক্ষেত্রতে ভাৰতে অগ্রসৰ হৈছে৷ প্রধানমন্ত্রী মোদীয়ে কয়– ‘বিগত এটা বর্ষত কিছুমান সিদ্ধান্ত অধিক চর্চালৈ আহিছে আৰু তাৰ বাবে সেই উপলব্ধিসমূহৰ সোঁৱৰণ হোৱাটো অতিশয় স্বাভাৱিক৷ ৰাষ্ট্রীয় একতা–খণ্ডতাৰ বাবে অনুচ্ছেদ ৩৭০ৰ কথাই হওক, শতিকা পুৰণি সংঘর্ষৰ সুখদায়ক পৰিণাম– ৰাম মন্দিৰ নির্মাণৰ কথাই হওক, আধুনিক সমাজ ব্যৱস্থাৰ প্রতিবন্ধক তিনি তালাকৰ কথাই হওক অথবা ভাৰতৰ কৰুণাৰ প্রতীক নাগৰিকত্ব সংশোধনী আইনেই হওক, এই সকলো উপলব্ধি আপোনালোকৰ নিশ্চয় মনত আছে৷’
পত্রখনত তেওঁ উল্লেখ কৰে যে প্রধানমন্ত্রী কিষাণ সন্মান নিধিৰ অধীনত দেশৰ সমগ্র কৃষকক সামৰি লোৱা হৈছে৷ বিগত এটা বর্ষত এই যোজনাৰ অধীনত ৯ কোটি ৫০ লাখতকৈও অধিক কৃষকৰ একাউণ্টত ৭২ হাজাৰ কোটিতকৈও অধিক টকা জমা হৈছে৷ দেশৰ ১৫ কোটিতকৈও অধিক গাঁৱৰ ঘৰসমূহত খোৱাপানীৰ পাইপ সংযোগৰ বাবে জলজীৱন অভিযান আৰম্ভ কৰা হৈছে৷ আমাৰ ৫০ কোটিতকৈও অধিক পশুধনৰ উন্নত স্বাস্থ্যৰ বাবে বিনামূলীয়া টিকাকৰণৰ এক বৃহৎ অভিযান চলোৱা হৈছে৷ দেশৰ ইতিহাসতো এয়া প্রথমবাৰলৈ সংঘটিত হৈছে যে কৃষক, কৃষি শ্রমিক, ক্ষুদ্র দোকানী আৰু অসংগঠিত খণ্ডৰ শ্রমিক বন্ধুসকলৰ বাবে ৬০ বছৰ বয়সৰ পাছত ৩ হাজাৰ টকাৰ নিয়মিত মাহিলি পেন্সনৰ সুবিধা সুনিশ্চিত কৰা হৈছে৷ মাছমৰীয়াসকলৰ সুবিধাৰ বাবে নীলা অর্থনীতি সুদৃঢ় কৰাৰ বাবে বিশেষ যোজনাসমূহৰ সৈতে পৃথক বিভাগো গঠন কৰা হৈছে৷ এইদৰে ব্যৱসায়ীসকলৰ সমস্যা সময় মতে সমাধানৰ বাবে ব্যৱসায়ী কল্যাণ ব’ড গঠনৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত প্রায় ৭ কোটি ভগ্ণীকো এতিয়া অধিক বিত্তীয় সাহায্য প্রদানৰ ব্যৱস্থা কৰা হৈছে৷ অলপতে আত্মসহায়ক গোটসমূহৰ বাবে বিনা গেৰাণ্টীৰ ঋণ ১০ লাখৰ পৰা বৃদ্ধি কৰি দুগুণ অর্থাৎ ২০ লাখ টকা কৰা হৈছে৷ আদিবাসী সন্তানসকলৰ শিক্ষাৰ প্রতি লক্ষ্য ৰাখি দেশত ৪৫০তকৈও অধিক একলব্য মডেল আৱাসিক বিদ্যালয় নির্মাণৰ অভিযান আৰম্ভ কৰা হৈছে৷ ইয়াৰ ফলস্বৰূপে গ্রাহক সুৰক্ষা আইনেই হওক, চিট ফাণ্ড আইনৰ সংশোধনেই হওক, দিব্যাংগ, মহিলা তথা শিশুসকলক অধিক সুৰক্ষা প্রদান কৰা আইনেই হওক, এই সকলো দ্রুতগতিত সম্পন্ন হ’বলৈ ধৰিছে৷ চৰকাৰৰ নীতি আৰু সিদ্ধান্তৰ ফলত চহৰ আৰু গাঁৱৰ ব্যৱধান হ্রাস হৈছে৷ প্রথমবাৰলৈ এনে হৈছে যে গাঁৱত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা চহৰৰ তুলনাত ১০ শতাংশ অধিক হৈছে৷ দেশৰ হিতার্থে কৰা এনে ধৰণ ঐতিহাসিক কার্য আৰু সিদ্ধান্তৰ সূচী বহু দীঘলীয়া৷
এই পত্রত সকলো বিস্তাৰিত ৰূপত প্রকাশ কৰাটো সম্ভৱ নহয়৷ কিন্তু মই ইমানখিনি নিশ্চিতভাৱে ক’ম যে এবছৰীয়া কার্যকালৰ প্রত্যেকটো দিন, চৌব্বিশ ঘণ্টাই পূর্ণ সজাগতাৰে কাম হৈছে, সংবেদনশীলতাৰে কাম হৈছে, সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ প্রধানমন্ত্রী মোদীয়ে কয়– ‘বিগত ছবছৰৰ এই যাত্রাত আপোনালোকে নিৰন্তৰে মোক আশীর্বাদ প্রদান কৰিছে৷ আপোনালোকৰ আশীর্বাদৰ শক্তিৰ ফলতে দেশে যোৱা এবছৰত ঐতিহাসিক নির্ণয় আৰু বিকাশৰ অভূতপূর্ব গতিত আগবাঢ়িছে৷ কিন্তু মই জানো যে আৰু বহু কাম কৰিবলৈ বাকী৷ দেশৰ সন্মুখত প্রত্যাহ্বান অনেক, সমস্যা অনেক৷ মই দিনে–ৰাতিয়ে এয়াই প্রয়াস কৰিছোঁ৷’